ধীৰেনপাৰা প্ৰাথমিক বিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগিতা
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহত্তৰ ফটাশিল আমবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত ধীৰেনপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত আয়োজন কৰা স্বৰ্ণ শাখা সাহিত্য সভাই ছাত্ৰ ছাত্ৰীসকলক উদগনি দিয়াৰ উপৰিও সাহিত্য সংস্কৃতিৰ লগত জড়িত কৰাৰ প্ৰয়াস কৰা হয়৷বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাজু তালুকদাৰৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্বৰ্ণ শাখাৰ সম্পাদকদ্বয় হীৰেন মেধি আৰু শুভাংসু মৰল। ভৱিষ্যতেও কবিতা আবৃত্তি ,আকস্মিক বক্তৃতানুষ্ঠানৰ নগতে বৃহত্তৰ ফটাশিল আমবাৰীৰ বিভিন্ন বিদ্যালয়ত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি শুভাংসু মৰলে জানিবলৈ দিয়ে৷