পঞ্জাৱত আৰু ২,০০০ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হ’ব: মুখ্যমন্ত্ৰী মান
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে নিৰাপত্তা বৃদ্ধিৰ বাবে ৰাজ্যখনত আৰু প্ৰায় ২০০০ অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত মানে কয় যে নিয়মীয়াকৈ ইনপুট আহিছে যে কিছুমান দুষ্কৃতিকাৰীয়ে পঞ্জাৱত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। তেওঁ লগতে কয় যে অৰ্ধসামৰিক বাহিনীৰ ১০টা কোম্পানী ইতিমধ্যে পঞ্জাৱত উপনীত হৈছে।
