নীলাচল জাতীয় বিদ্যালয়ত ‘মহাপুৰুষ দিৱস’ উদ্‌যাপন

নীলাচল জাতীয় বিদ্যালয়ত ‘মহাপুৰুষ দিৱস’ উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা- নীলাচল জাতীয় বিদ্যালয়ৰ উদ্যোগত আজি বিদ্যালয়ৰ প্ৰাংগণত মহাপুৰুষ মাধৱদেৱৰ আৰ্ৱিভাৱ তিথিৰ লগত সংগতি ৰাখি ‘মহাপুৰুষ দিৱস’ পালন কৰা হয়৷অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মানসী দাসে মহাপুৰুষজনাৰ জীৱনৰ ওপৰত ব্যাখ্যা আগবঢ়ায়৷বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত মহাপুৰুষজনাৰ জীৱনৰ ওপৰত আধাৰিত এখনি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷আয়তীসকলৰ লগত শিক্ষক,শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰীসকলে নাম প্ৰসংগৰ অনুষ্ঠান এটিও অনুষ্ঠিত কৰে৷প্ৰতিযোগিতাৰ ক শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে দৰ্শিতা বণিক্য,নিশিতা শইকীয়া আৰু জ্যোতিৰ্ময় কলিতা৷আনহাতে খ শাখাত নৱম আৰু দশম শ্ৰেণীৰ মাজত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে দশম শ্ৰেণীৰ নীতিজ্ঞ ৰাজ নন্দনে,দ্বিতীয় স্থান লাভ কৰে নৱম শ্ৰেণীৰ ৰাজ বিশ্বাসে আৰু তৃতীয় স্থান লাভ কৰে দশম শ্ৰেণীৰ হিমাশ্ৰী শৰ্মাই৷