মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ  ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ

pc NDTV Sports

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ  ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় বক্সাৰ নিখাত জাৰিনে ব্ৰাজিলৰ কেৰোলিন ডি আলমেইদাক পৰাস্ত কৰি মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২২ত ৫২ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰে। ইফালে, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ইৰমা টেষ্টাৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজিত হৈ মনীষা মৌনে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৬৩ কিলোগ্ৰাম শাখাত পাৰবীন হুডাই ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী এমি ব্ৰডহাৰ্ষ্টৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে।