নাৰী তুমি অনন্যা
অনন্ত ব্ৰহ্মাণ্ডৰ তুমিয়েই, একমাত্ৰ সঁহাৰি,
অনন্যা একমাত্র তুমিয়েই নাৰী।
জনমে জনমে কেৱল তুমিয়েই মোৰ জীৱনত,
সুখী হৈ আছোঁ মই তোমাৰেই আদৰত।
কাৰো সৈতে তোমাৰ নহয় তুলনা,
নালাগে তোমাৰ ভাগৰ, যেন অনন্ত সবলতা।
ধৰাখনিত তোমাৰ দৰে উপহাৰ নাই,
মোৰ প্ৰতিটো ক্ষেত্ৰত থাকা আনন্দ বিলাই।
দেখুৱাই থকা তুমি জীৱনৰ প্ৰকাশ,
অনুচিত কৰ্মৰ তুমি কৰা বিনাশ।
ধৰাখনিত তোমাৰ দৰে নাই ৰত্ন,
যিয়েই বুজে দুখ আৰু কৰে যত্ন।
জীৱনৰ আৰম্ভণিত মই এগৰাকী নাৰী’ কে দেখো,
জীৱনৰ অন্তিম ক্ষণটো মই নাৰীৰ সৈতে থাকো।
জীৱনৰ প্ৰথম নাৰী একমাত্ৰ মোৰ মৰমৰ মা,
যাৰ বাবে দেখিলো মই, এই সুন্দৰ ধৰা।
নাৰীয়ে হৈছে আমাৰ জীৱন সংগিনী,
সফলতাৰ কাহিনীৰ নাৰীয়েই কৰে আৰম্ভণি।
মাতৃ, ভগ্নী, মামী নাৰীয়েই হয়,
বিৰঙ্গনাৰ দৰে দি থাকা অভয়।
সমাজত আজিকালি লাঞ্চিতা নাৰী,
শুনিবলৈ কিয় পাওঁ নাৰীৰ দুখৰ ধ্বনি।
লক্ষ্মী, দূৰ্গাৰ ৰূপে তোমাৰেই কৰে বন্দনা,
বুজি নাপাও কিয় এই নাৰী’কে কৰে অৱহেলা।
নাৰীয়েই বিনাসি আৰু সৃষ্টিকর্তা,
নাৰী হয় এনে যেন এটি উজ্জ্বল তৰা।
নাৰীৰ বাবে আৰম্ভণি হৈছিল মহাভাৰতৰ,
নাৰীৰ বাবে সূচনা হৈছিল ট্ৰজান যুদ্ধৰ।
নাৰীৰ অবিহনে ধৰা হ’ব শূন্য,
সচাকৈ নাৰী তুমি অনন্যা আৰু বৰেণ্য।
নিতিষ্মান দাস