গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পঞ্চম ছেমিষ্টাৰ পৰীক্ষাৰ দুমাহ নৌহওঁতেই ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণাত বিৰোধিতা 

pc Facebook

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পঞ্চম ছেমিষ্টাৰ পৰীক্ষাৰ দুমাহ নৌহওঁতেই ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণাত বিৰোধিতা 

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চম ছেমিষ্টাৰ পৰীক্ষাৰ দুমাহ নৌহওঁতেই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ষষ্ঠ ছেমিষ্টাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণাত বিৰোধিতা কৰিছে অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে৷ এক প্ৰেছ বিবৃতি যোগে কমিটীৰ সম্পাদক হেমন্ত পেগুয়ে কয় যে, স্নাতক স্তৰত ছেমিষ্টাৰ প্ৰথা প্ৰচলন হোৱাৰ পাছৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো ছেমিষ্টাৰ পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত বিসংগতি ঘটি থকাৰ লগতে  পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো সংঘটিত কৰা অব্যৱস্থাপনাই  ছাত্ৰ-ছাত্ৰীসকলক বাৰে বাৰে বিপাঙত পেলাইছে। এতিয়ালৈকে প্ৰথম, তৃতীয় ছেমিষ্টাৰ পৰীক্ষাৰ ফলাফলৰ জটিলতা  আঁতৰ হোৱাই নাই। তেনে অৱস্থাত ৬ষ্ঠ ছেমিষ্টাৰ পৰীক্ষাৰ ক্ষেত্ৰত আকৌ এনেধৰণৰ হঠকাৰী সিদ্ধান্তৰ বিষয়ে সংগঠনৰ পক্ষৰ পৰা দৃঢ়তাৰে কোৱা হয় যে বিজ্ঞানভিত্তিক পদ্ধতি অৱলম্বন কৰাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ লগতে  শিক্ষক, শিক্ষাবিদ আৰু ছাত্ৰ সংগঠনৰ লগত আলাপ আলোচনা নকৰাকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলতেই এই ধৰণৰ অবাঞ্চিত বিষয়সমূহ সংগঠিত হৈ আছে আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল অশেষ হাৰাশাস্তিৰ সম্মুখীন হ’ব লগা হৈছে। ছেমিষ্টাৰ পৰীক্ষাৰ নীতি অনুসৰি প্ৰতিটো পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অন্ততঃ ১২০ দিন  ক্লাছ হোৱাৰ কথা।অথচ এই সকলোবোৰ নিয়ম উলঙ্ঘা কৰি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজৰ খিয়ালখুচীমতে  পদক্ষেপ সমূহ গ্ৰহণ কৰি আছে।