মহানগৰীৰ যান-জঁট আৰু বাস্তৱৰ ছবি এখন- গোপাল জালান

pc News Live

মহানগৰীৰ যান-জঁট আৰু বাস্তৱৰ ছবি এখন

 গোপাল জালান

এসময়ত গুৱাহাটী মহানগৰীত মানুহৰ জনবসতি কম আছিল। তেতিয়া মহানগৰীখনৰ পৰিসৰো সীমিত থকা বুলি ক’ব পাৰি। হয়তো সেই সময়ত মানুহে আজিৰ দৰে এখন মহানগৰীৰ কল্পনাও কৰা নাছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে গুৱাহাটীৰ ৰূপ সলনি হ’ল। এতিয়া এটুকুৰা মুকলি ঠাই পাবলৈ নাই। মাটিও হীৰাৰ মূল্যৰ দৰে হ’ল। সমান্তৰালভাৱে মহানগৰীত যান-বাহনৰ সংখ্যাও বৃদ্ধি পোৱাৰ ফলত যান-জঁটৰ সৃষ্টি হ’ল। এই যান-জঁটে এতিয়া মহানগৰবাসীক অতিষ্ঠ কৰি তুলিছে। কাৰণ এনে অৱস্থাৰ ফলত মানুহৰ গতি সুন্দৰ হৈ পৰিছে। আনহে নালাগে– এতিয়া ৰোগী এগৰাকীক মহানগৰীলৈ আনিব নোৱৰা অৱস্থা হৈছে। বহুতো ৰোগীৰ চিকিৎসালয়লৈ গৈ পোৱাৰ পূৰ্বে মৃত্যুমুখত পৰিছে। কোনো ৰোগীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰা লোকৰ পৰিয়ালক যদি কাৰণ সোধা যায় তেতিয়াহ’লে মহানগৰীৰ যান-জঁটো নিশ্চয় অন্যতম কাৰণ হিচাপে ক’ব। মহানগৰীৰ মূল পথসমূহ যিমান বহল হ’ব লাগিছিল গাড়ী-বাহনৰ তুলনাত তাৰ অৰ্ধেকো নহয়। ইয়াৰ মাজতে আকৌ মূল পথৰ সমীপতে নিৰ্মাণ কৰিছে ফুট ব্ৰীজ। সেয়ে পথ ঠায়ে ঠায়ে খুব ঠেক হৈেছ। এতিয়া আকৌ অতি ব্যস্ততাপূৰ্ণ মূল পথসমূহত ঠেলা-ৰিক্সা, ই-ৰিক্সা আদি চলাচল কৰিবলৈ ধৰিছে। দিনৰ ভাগত অতি ব্যস্ত পথসমূহত এইবোৰ চলোৱাৰ ফলত প্ৰায়ভাগ পথতে ভয়ংকৰ যান-জঁটৰ সৃষ্টি হ’বলৈ ধৰিছে। সাধাৰণতে অতি ব্যস্ত মহানগৰীৰ মূল পথসমূহত ঠেলা-ৰিক্সা আদি চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও গুৱাহাটীত ইয়াৰ বিপৰীত ছবি এখনহে ফুটি উঠে। এইখিনিতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিব লাগিব যে ৰিক্সা, ঠেলা, ঘেঁাৰাগাড়ী আদিৰ চলাচলৰ বিৰোধিতা কৰা নাই। মাথোঁ শৃংখলাৰ বাবেহে এইবোৰ বিষয় উল্লেখ কৰা হৈছে। এইবোৰ উপপথ অথবা সংলগ্ন পথবোৰত চলাচল কৰিবলৈ অনুমতি দিব পাৰে। তেতিয়া সাপো মৰিল আৰু লাঠিও নাভাঙিলৰ দৰে হ’ব। কোনো লোকৰ মনত এইবোৰক লৈ তেতিয়া প্ৰশ্ন উত্থাপিত নহয়। তদুপৰি যিবোৰ ঠাইত বিকল্প নাথাকে তাত এক নিৰ্দিষ্ট সময় বান্ধি দিব লাগে যে সেই সময়ৰ মাজতে এইবোৰ চলাচল কৰিব পাৰিব। ইয়াৰ অন্যথা জৰিমনা বিহিব লাগে।
যেতিয়া পথত যান-জঁটৰ সমস্যাই জটিল ৰূপ লয় তেতিয়া কেৱল জনসাধাৰণৰে লোকচান হয় তেনে নহয়, চৰকাৰৰো হয়। কাৰণ যদি সময়মতে সকলোৱে কাম কৰিব নোৱাৰে তেনেহ’লে সকলোতে লোকচান। যদি যান-জঁটৰ বাবে পথটোত এহেজাৰ মানুহ দুঘণ্টা আবদ্ধ হৈ পৰে তেনেহ’লে কিমান ঘণ্টা সময় সামূহিকভাৱে লোকচান হ’ব সেয়া ভাবি চাইছেনে· এই সময়খিনিত আবদ্ধ হৈ থকা লোকসকলে সময়মতে কৰিবলগীয়া কামখিনি স্তব্ধ হৈ পৰিব। যান-জঁটৰ বাবে ব্যক্তিগত জীৱনত পৰোক্ষ প্ৰভাৱ পৰাৰ লগতে দেশ বা ৰাজ্যৰো বৃহৎ পৰিমাণৰ ক্ষতি সাধন হয়। এনেধৰণৰ সমস্যাই এতিয়া সকলো শ্ৰেণীৰ লোককে প্ৰভাৱাম্বিত কৰিছে। ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পৰে। তদুপৰি যান-জঁটৰ সময়ত ইন্ধন আদিৰো অপ্ৰয়োজনীয়ভাৱে ব্যয় হয়। কাৰণ বাহন এখন দ্ৰুতগতিত গ’লে যিমান ইন্ধন খৰচ হয় একে ঠাইত থাকিলেও সেইবোৰ অপচয়হে হয়। ইন্ধনৰ অপচয় আমি সকলোৱে ৰোধ কৰিব লাগিব। নহ’লে অদূৰ ভৱিষ্যতে মানৱ জাতিয়ে ইয়াৰ মূল্য ভৰিব লাগিব।
মহানগৰীৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে সুপৰিকল্পনাৰ প্ৰয়োজন। বিশেষকৈ পুৱা সাত বজাৰ পৰা সন্ধিয়া সাত বজামানলৈকে যান-বাহনৰ চলাচল বেছি হয়। এই সময়ত কাম-কাজ পৰিচালনা হয়। উৎপাদনমুখী সময় বুলি ক’ব পাৰি। যদিহে উদ্যোগ আদিলৈ যোৱা কৰ্মচাৰীয়ে সময়মতে উপস্থিত হ’ব নোৱাৰে ইয়াৰ প্ৰভাৱ যে সকলোৰে ওপৰত পৰিব সেই কথা সকলোৱে উপলব্ধি কৰা উচিত। মহানগৰীৰ উপপথসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ যদি উপযুক্ত ব্যৱহাৰ কৰা হয় তেনেহ’লেও মূল পথত যান-জঁটৰ সমস্যা নোহোৱা হ’ব। ব্যস্ত মহানগৰীৰ এনে সমস্যা সমাধানৰ বাবে সকলোৱে আগভাগ লোৱা উচিত। এইবোৰ সমাধানৰ ইতিবাচক চিন্তা কৰাৰ পৰিৱৰ্তে নেতিবাচক মনোভাব গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকিব নালাগে। মহানগৰখনৰ প্ৰতি সকলোৰে দায়িত্ব আছে। এই দায়িত্ব আৰু কৰ্তব্য সকলোৱে উপযুক্তভাৱে পালন কৰা উচিত।