১০লাখ লোকক আপ’ত যোগদান কৰোৱাৰ লক্ষ্য

pc The Janambhumi

১০লাখ লোকক আপ’ত যোগদান কৰোৱাৰ লক্ষ্য

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মূৰব্বী অৰবিন্দ কেজৰিৱাল।শেহতীয়াকৈ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপৰ প্ৰাসংগিকতা যথেষ্ট বৃদ্ধি পাইছে।অসমত ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে অৰবিন্দ কেজৰিৱাল গুৱাহাটীলৈ আহিব।সকলো ঠিকে-ঠাকে থাকিলে অহা ২৯মে’ত অৰবিন্দ কেজৰিৱাল গুৱাহাটীলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আপ অসমৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিছে।গুৱাহাটীলৈ আহি ১০লাখ লোকক যোগদান কৰোৱাৰ লক্ষ্য কেজৰিৱালৰ।দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত আপৰ ১০ লাখ সদস্য ভৰ্তিৰ লক্ষ্যৰ কথা ঘোষণা কৰিব।