মৃগেন শৰণীয়াক দ্বিতীয়বাৰৰ বাবে মেয়ৰ হিচাপে নিৰ্বাচিত

pc facebook

মৃগেন শৰণীয়াক দ্বিতীয়বাৰৰ বাবে মেয়ৰ হিচাপে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা- হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত  অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত  ২৯নং ৱাৰ্ডৰ কাউঞ্চিলৰ মৃগেন শৰণীয়াক দ্বিতীয়বাৰৰ বাবে মেয়ৰ হিচাপে নিৰ্বাচিত কৰে। মৃগেন শৰণীয়াক মেয়ৰ হিচাপে নিৰ্বাচিত কৰাৰ বিপৰীতে ডেপুটী মেয়ৰ ৰূপে নির্বাচিত হয় ২২নং ৱাৰ্ডৰ বিজেপি কাউঞ্চিলৰ স্মিতা ৰয়। মেয়ৰ আৰু ডেপুটী মেয়ৰৰ নাম নির্বাচিত কৰাৰ লক্ষ্যৰে দলৰ পৰা নিৰ্বাচিত হোৱা আটাইকেইজন পাৰিষদক লৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক দিপুৰঞ্জন শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সদ্যনির্বাচিত পাৰিষদসকলৰ মতামত গ্ৰহণৰ পাছতেই দলৰ তৰফৰ পৰা মেয়ৰ হিচাপে মৃগেন শৰণীয়া আৰু ডেপুটী মেয়ৰ হিচাপে স্মিতা ৰয়ৰ নাম ঘোষণা কৰা হয়। মেয়ৰ আৰু ডেপুটী মেয়ৰ নিৰ্বাচনৰ পাছতে দুয়োগৰাকীলৈ শুভেচ্ছা জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীবাসীৰ আশা-আকাংক্ষা যাতে মেয়ৰ আৰু উপ মেয়ৰে পূৰণ কৰিব পাৰে, তাৰ বাবে মই দুয়োগৰাকীকে শুভেচ্ছা জনাইছোঁ।