বন্ধু
ধৰাখনি সচাকৈ বৰ পৱিত্ৰ,
জীৱনত পৱিত্ৰ বিশ্বাসী মিত্র।
বিশ্বাসী নাই ধৰাত বন্ধুৰ সমান,
বিশ্বাসী বন্ধু পাবলৈ যেন কিমান টান।
গতিশীল জগতখনি চাৰিওফালে চাওঁ,
বন্ধুৰ দৰে দুখহাৰী কদাপি নাপাওঁ।
বন্ধু যেন বৈ থকা বতাহৰ দৰে,
বতাহৰ দৰে যেন নতুন জীৱন দিয়ে।
মই হৈছো আকাশৰ উৰণীয়া চিলা,
বন্ধু হৈছে দিশ দেখুৱা চিলাৰ সূতা।
বিদ্যাৰ ক্ষেত্ৰতো যেন কৰে সহায়,
নতুন-নতুন জ্ঞান মোক দি যায়।
ধৰাৰ সত্য বন্ধুত্ব নয়ন দুটাৰ,
একেলগে কৰে কৰ্ম কিন্তু, নেদেখে দুয়োৱে এবাৰ।
মেলিলে এটি নয়ন আনটোৱেও মেলিব,
মুদিলে এটি নয়ন আন আনটোৱেও মুদিব।
অন্ধকাৰত থাকিলে মোৰ বন্ধুৱেই সঁহাৰি,
অন্ধকাৰত মোক দেখাই প্রকাশ হেঙুলী।
কৰ্ণ আৰু দুৰ্যোধন হৈছে বন্ধুত্বৰ অন্য উদাহৰণ,
বন্ধুত্বৰ বাবে কৰ্ণই ত্যাগিলে জীৱন।
বন্ধুৰ সৈতে খেলু বহুতো খেল,
মই যেন দীপ্তি আৰু বন্ধু হৈছে তেল।
বন্ধুৰ অবিহনে যেন অন্ধকাৰত ধৰণী,
দুখত যেন দুখী আৰু সুখত সুখী।
এটা সময় আছিল যেতিয়া বন্ধু আছিল পৰ,
বন্ধুত্ব গঢ়াৰ পাছত বন্ধুয়ে বৰ।
বন্ধুৰ বাবে ৰঙীন হ’ল মোৰ জীৱন,
বন্ধুয়ে মোৰ জীৱনৰ সত্য মহাধন।
-নিতিষ্মান দাস
সপ্তম শ্রেণী