জালুকবাৰীত বিহু-অন্তৰংগ আলাপ অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- জালুকবাৰী উৰনীয়া সেঁতুৰ সমীপত জালুকবাৰী আঞ্চলিক বিহু সন্মিলনীৰ বিহু আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷পুৱাৰ ভাগত পতাকা উত্তোলন কৰে বিহু সন্মিলনীৰ সভাপতি প্ৰমোদ চন্দ্ৰ দাসে । উক্ত অনুষ্ঠানত কেইবাগৰাকী জ্যেষ্ঠ লোক উপস্থিত থকাৰ উপৰিও বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট উপন্যাসিকা তথা নাৰী সৱলীকৰণত বিশেষ কাম কৰি অহা সমাজ সেৱিকা ৰুণা লাইলাই । বিহু সন্মিলনীৰ পতাকা উত্তোলনৰ লগে লগে বিহু সন্মিলনীৰ মহিলা শিল্পী সকলে সমবেত সংগীত পৰিৱেশন কৰে কবি নিভা হাজৰিকা, কবি,লেখিকা ঊষামণি শইকীয়া, মিনতি কাকতি, মালা গগৈ, জোনালী ৰাজবংশী, মনোৰমা দেৱী, হিৰণময়ী দেৱী , লাইলা বেগম আদিয়ে ৷ পতাকা উত্তোলনৰ পাছতেই মুকলি বিহু হুঁচৰিৰে অঞ্চলটো জীপাল কৰি তোলে ৷’অন্তৰঙ্গ আলাপ’ অনুষ্ঠানৰ লগতে উপস্থিত সমবেত ৰাইজে লগে ভাগে পৰম্পৰাগত বিহুৰ জলপান গ্ৰহণ কৰে ৷ উক্ত স্থানতে চলিত এপ্ৰিল মাহৰ ২৮ আৰু ২৯ তাৰিখে দুদিনীয়াকৈ বিহুৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । সেয়েহে উক্ত দুয়োটা দিনৰ অনুষ্ঠানত সম্পাদক মনোজ কুমাৰ দাস আৰু সাংস্কৃতিক সম্পাদক ছাদেক আহমেদে সকলোৰে ৰাইজৰে উপস্থিতি একান্তভাৱে কামনা কৰিছে।
