গন্ধৰ্ববিৱাহ – অঞ্জুমণি শইকীয়া

pc DNA India

গন্ধৰ্ববিৱাহ 

আমাৰ ঘৰখনত মুঠ পাঁচোটা প্ৰাণী ৷ মা – দেউতা , এজন দাদা , এজনী বা আৰু মই ৷ বা ’ৰ বিয়াৰ চাৰিবছৰৰ পিছত ফেচবুকত চিনাকি এজন ল’ৰাই মোৰ মতামত লৈ আমাৰ ঘৰত বিৱাহৰ প্ৰস্তাৱ দিলেহি ৷ দুয়োখন ঘৰৰ মাজত বিয়াৰ কথাবতৰা খাটাং কৰি দুমাহ অহাযোৱা হ’ল ৷ এদিন হঠাৎ ল’ৰা ঘৰৰ পৰা খবৰ আহিল – ল’ৰাই অন্য ছোৱালী পলুৱাই আনিলে ৷ মিতিৰ কুটুম্ব , চুবুৰীয়াৰ আগত লাজত ওলাব নোৱৰা হ’লো ৷ কেইমাহমানৰ পিছত আকৌ অন্য এজন ল’ৰাৰ পৰা খবৰ আহিল ৷ এমাহ অহা যোৱা কৰাৰ পিছত খবৰ আহিল “ লৰাই এতিয়া বিয়া নাপাতে ৷ ইচ্ছা হ’লে বেলেগলৈ ছোৱালী দিব পাৰে ৷ “ বিয়াতকৈ মোৰ বদনামহে বেছি হ’ল ৷ বিয়া ভগাৰ কেনাটো দেৰিকৈ হ’লেও জানি মনে মনে নিজেই সিদ্ধান্ত ললো ৷ কেইমাহমানৰ পিছত আকৌ ল’ৰা এজন আহিল ৷ এইবাৰ কাৰোবাক খবৰ দিয়াৰ পৰা বিৰত থাকিলোঁ ৷ এসপ্তাহৰ ভিতৰত আমি দুয়োজনে আলোচনা কৰি আনুষ্ঠানিক বিয়া নোহোৱাকৈ বহাগৰ প্ৰথম দিনটোতে দুয়ো দুয়োৰে জীৱন সঙ্গী হ’লো ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ( তিনি আলি ) ৷