বিদ্যুৎ সংশোধনী বিল বাতিলৰ দাবীত বিক্ষোভ

বিদ্যুৎ সংশোধনী বিল বাতিলৰ দাবীত বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা–  বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিদ্যুৎ ক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ও জনবিৰোধী বিদ্যুৎ সংশোধনী বিল ২০২১ বাতিলৰ দাবীত আৰু প্ৰিপেড মিটাৰ প্ৰচলন বন্ধৰ দাবীত আজি বিদ্যুৎ গ্ৰাহকসকলৰ বৃহত্তৰ মঞ্চ অল ইন্ডিয়া ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েশ্বনৰ উদ্যোগত দিল্লীৰ যন্তৰমন্তৰত বিক্ষোভ প্ৰদৰ্শন কৰা হয়  ।  অসম , ত্ৰিপুৰা , পাঞ্জাৱ , হাৰিয়ানা , তামিলনাডু , পডুচেৰি , ওড়িশা , মধ্যপ্ৰদেশ , কৰ্ণাটক , দিল্লী , উত্তৰ প্ৰদেশ , পশ্চিমবঙ্গ সহ দেশৰ ১৫ খন ৰাজ্যৰ বিভিন্ন বিদ্যুৎ সংগঠনৰ পক্ষৰ পৰা বিক্ষোভত মিলিত হোৱা কেইবাশ প্ৰতিনিধিয়ে ’বিদ্যুৎ সংশোধনী বিল ২০২১ বাতিল কৰা , বিদ্যুৎ ক্ষেত্ৰৰ বেচৰকাৰীকৰণ ও ব্যক্তিগতকৰণ বন্ধ কৰা ও প্ৰিপেড মিটাৰ গ্ৰাহক সকলক জোৰ কৰি  ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ বিৰুদ্ধে দীৰ্ঘসময় শ্ল’গান দিয়ে । এই বিক্ষোভত অসমৰ পৰা সংগঠনৰ সৰ্বভাৰতীয় কমিটীৰ সহ – সভাপতি, অল আচাম ইলেকট্ৰিচিটি কনজিউমাৰ এচ’চিয়েচনৰ আহ্বায়ক অজয় আচাৰ্য আৰু সৰ্বভাৰতীয় কাৰ্যকৰী কমিটীৰ অন্যতম সদস্য হিল্লোল ভট্টাচাৰ্যই যোগ দিয়ে  ।  সংগঠনৰ সৰ্বভাৰতীয় কমিটীৰ কাৰ্যকৰী সভাপতি ৰমেশ পৰাশৰৰ সভাপতিত্বত প্ৰতিবাদী সভাত  বক্তব্য ৰাখে সংগঠনৰ সাধাৰণ সম্পাদক সমৰ কুমাৰ সিংহই।তাৰোপৰি বিভিন্ন ৰাজ্যৰ পৰা উপস্থিত থকা প্ৰতিনিধিসকলেও বক্তব্য ৰাখে ।  অল আচাম ইলেকট্ৰিচিটি কনজিউমাৰ এচ’চিয়েচনৰ পক্ষৰ পৰা  অজয় আচাৰ্যই তেওঁৰ বক্তব্যত কয় ৰাজ্যত বিদ্যুৎ বিভাগৰ লোকচান পূৰাবৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰিকল্পনাহীনতা, বিদ্যুত বিভাগৰ উপৰ মহলৰ দুৰ্নীতিৰ ফলত হোৱা লোকচানৰ বোজা চৰকাৰে সাধাৰণ গ্ৰাহকৰ ওপৰত জাপি দিছে মাচুল বৃদ্ধি ঘটাই। । স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ৮৫%  বিদ্যুৎ  অন্য ৰাজ্যৰ পৰা ক্ৰয় কৰিব লগা হৈছে  ।  ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অনাদায়ী বিদ্যুৎ বিল শ শ কোটি টকা হ’লেও সেই টকা চৰকাৰৰ পক্ষৰ পৰা প্ৰদান নকৰি গ্ৰাহক সকলৰ ওপৰত জাপি দিয়া হৈছে  ।  তেওঁ এইটোও কয় ১ এপ্ৰিলৰ পৰা অসমত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে  ।  অসমত জনবিৰোধী এই সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে । তেওঁ ঐতিহাসিক কৃষক আন্দোলনৰ পৰা শিক্ষা লৈ ব্যাপক বিদ্যুৎ গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়।উল্লেখযোগ্য যে,অসমৰ বিদ্যুৎ কৰ্মচাৰী, ইঞ্জিনীয়াৰ আৰু পেঞ্চনাৰ সংগঠনৰ পক্ষৰ পৰা এই সংসদ অভিযান কাৰ্যসূচীৰ সফলতা কামনা কৰি প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তা পাঠ কৰি শুনোৱা হয়।