লাভলীনালৈ শুভেচ্ছামূলক গানৰ উন্মোচন

লাভলীনালৈ শুভেচ্ছামূলক গানৰ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক ভৱিষ্যৎ যাত্ৰাৰ শুভকামনা জনাই  ডি উত্তৰণ গোষ্ঠীৰ উদ্যোগত গুৱাহাটী ক’য়ৰ এণ্ড অৰ্কেষ্ট্ৰাই পৰিৱেশন কৰা এটি শ্ৰব্য গীত আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গীতিকাৰ  মণি মহন্তই ৰচনা কৰা  ‘মুষ্টি যুঁজৰ যুঁজাৰু তুমি’ শীৰ্ষক  গীতটিৰ সুৰ আৰু সংগীত ৰচনা কৰিছে সংগীত শিল্পী ধীৰাজ দাসে। গীতটোৰ শ্ৰব্য ৰূপটো জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী তথা ‘ডি উত্তৰণ’ৰ উপদেষ্টা, অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া ড৹ শিৱ গগৈ  , আছাম ৰ’লাৰ স্কেটিং এছ’চিয়েচনৰ সাধাৰণ সম্পাদক অনুপম শৰ্মা, কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজৰ সত্ৰীয়া কণ্ঠ সংগীত বিভাগৰ মুৰব্বী ৰতন হাজৰিকা আৰু গীতটোৰ গীতিকাৰ, সুৰকাৰ দুজনে মিলিতভাৱে উন্মোচন কৰে। অসম জীয়ৰী লাভলীনা বৰগোহাঁইয়ে ইতিমধ্যে গীতটো শুনি সন্তুষ্টি প্ৰকাশ কৰি প্ৰেৰণ কৰা এটি বাৰ্তা  আৰু অসমৰ ক্ৰীড়া-যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে পঠোৱা এটা শুভেচ্ছা বাৰ্তা অনুষ্ঠানত পাঠ কৰি দিয়া হয়। অনুষ্ঠানত উন্মোচকসকলৰ লগতে গীতটোৰ বাণীবন্ধনত ভূমিকা লোৱা দীপাংকৰ পাঠকক সম্বৰ্ধনা জনোৱা হয়। উন্মোচনী অনুষ্ঠানত কেউগৰাকী উন্মোচকে গীতটোৰ সৈতে জড়িত ব্যক্তিসকলৰ শলাগ লয় আৰু উজ্জ্বল প্ৰতিভাময়ী লাভলীনা বৰগোহাঁইৰ প্ৰতি শুভেচ্ছা ব্যক্ত কৰে।উল্লেখযোগ্য যে শব্দযন্ত্ৰী জিতু শৰ্মাই বিশেষভাৱে শব্দগ্ৰহণ কৰা আৰু ৰণজয় বৰঠাকুৰে  মিক্সিং আৰু মাষ্টাৰিং কৰা গীতটোত কণ্ঠ দান কৰা শিল্পীসকল হ’ল- জিষ্ণু  বৰুৱা,নিবিড় কুমাৰ শৰ্মা, বুলদীপ নাথ, বাহাৰুল অৱন, নীল নিতুল বৰ্মন, ৰীমা তালুকদাৰ, জিয়ান্তা শৰ্মা ,মনময়ুৰী ৰহমান বৰা, উৰ্মিলা বেগম, স্নেহা ভৰদ্বাজ, চবনম চুলতানা, বৈশালী দত্ত, দীপজ্যোতি গগৈ, ইন্দ্ৰানী তালুকদাৰ, শৰ্মিলা মহন্ত, ইমদাদ প্ৰতীম, মৰমী শৰ্মা, অঞ্জলি মালী, যুগল কিশোৰ ৰাভা, বৰ্ণালী বশিষ্ট, কৰিশ্মা দেৱী  আৰু নিবেদিতা কলিতা । অচিৰেই গানটো ইউটিউবত সুলভ হ’ব বুলি উদ্যোক্তা সকলে জনাইছে।