উদয়ন-দি ৰাইজিঙৰ ক্ৰিয়া কলাপৰ অনুষ্ঠান

উদয়ন-দি ৰাইজিঙৰ ক্ৰিয়া কলাপৰ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- শিশুহঁতৰ অধিকাৰ সাব্যস্ত কৰোৱাৰ বাবে তথা তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিত সহায় কৰাৰ লগতে শাৰীৰিক,মানসিক,আবেগিক বিকাশত অৱদান জনোৱাৰ প্ৰয়াসেৰে কাম কৰিবলৈ আৰম্ভ কৰা ’উদয়ন-দি ৰাইজিং’ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আজি দিছপুৰস্থিত ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত দিন জোৰা কাৰ্যসূচীৰে বিভিন্ন ক্ৰিয়া কলাপৰ আয়োজন কৰে৷বিদ্যালয়ৰ শিক্ষয়িত্ৰী মাধুৰিমা গোস্বামীয়ে পৌৰোহিত্য কৰা সভাত অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক ড° বন্দনা ভূঞাই শিশুহঁতক সুনাগৰিক কৰি গঢ়ি তোলাত পিতৃ মাতৃ,পৰিয়ালৰ আন সদস্যসকলৰ দায়িত্বৰ ওপৰত বহলাই আলোচনা কৰে৷বৰ্তমান ক্ৰমান্বয়ে বাঢ়ি অহা শিশু জনিত অপৰাধ বোৰৰ পৰিপ্ৰেক্ষিতত পিতৃ মাতৃ সকলো সময়তে সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত ব্যাখ্যা কৰে৷সভাখনৰ আন এক উল্লেখনীয় দিশ আছিল ’গুৱাহাটী চাইল্ড লাইন’ৰ কেইবাগৰাকী সদস্যৰ উপস্থিতিত আৰু তেওঁলোকে দেখুওৱা ’কোমল’ নামৰ শিশুৰ লগত হোৱা যৌন উৎপীড়ন প্ৰতিৰোধৰ বাবে তৈয়াৰ কৰা ছুটী শিক্ষামূলক ছবিখন৷সভাৰ লগত সংগতি ৰাখি খেল ধেমালি,কুইজ প্ৰতিযোগিতা,শিশুহঁতে পৰিৱেশন কৰা গীত মাত আৰু কবিতা পাঠ অনুষ্ঠানে জীপাল কৰি তোলে৷পুৰস্কাৰ প্ৰাপ্ত প্ৰতিযোগীৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়৷