গ্ৰেমী ২০২২ ত ইউক্ৰেইনৰ বাবে উৎসৰ্গিত বিশেষ খণ্ড থাকিব
ৰঙিলী বাৰ্ত্তাসেৱা- ৬৪ তম গ্ৰেমী বঁটাত ৰাছিয়াৰ সৈতে যুদ্ধৰ মাজত ইউক্ৰেইনৰ চলিত সংকটৰ প্ৰতি সমৰ্পিত এটা বিশেষ খণ্ড থাকিব। ৰেকৰ্ডিং একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া হাৰ্ভে মেছন জুনিয়ৰে কয়, “আমি আশা কৰোঁ যে এই খণ্ডটোৱে আমাৰ দৰ্শকসকলক গুৰুত্বপূৰ্ণ মানৱীয় প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিব।”