হিন্দু-মুছলমান নহয়, অসমীয়া হওঁ আহক
সেইটো বৰ্ষত মানে ইং ১৯৯৭ চনত দৰং জিলা সাহিত্য সভাৰ সভাপতি আছিল “বাঁহী” আলোচনীত কথাশিল্পী চৈয়দ আব্দুল মালিকৰ “মই অসমীয়া” নামৰ কবিতাটিৰ প্ৰত্যুত্তৰত “তুমি যদি অসমীয়া ” শীৰ্ষক কবিতা লিখি বিখ্যাত হৈ পৰা বিদ্ৰোহী পাঠান কবি, কাঁচিজোনৰ স্ৰষ্টা এম্ ইব্ৰাহীম আলিৰ সুপুত্ৰ , যশস্বী কবি , গীতিকাৰ , অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলি আৰু সাধাৰন সম্পাদক আছিল মঙ্গলদৈৰ নিকতৱৰ্তী , খিলঞ্জীয়া গৰিয়া গাঁও নগৰবাহীৰ ঐতিহ্যমণ্ডিত কানাইচুবাৰ ভূঞা পোৱালী চহিৰুদ্দিন আলি আহমেদ ওৰফে চহিৰ ভূঞা। অসম সাহিত্য সভাক দৰং জিলাৰ হৈ প্ৰতিনিধিত্ব কৰা তদানিন্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুলেখক , সুচিকিৎসক , সমাজসেৱক , দৰঙী ৰজাৰ বংশধৰ ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেব , জিলা সভাপতি ইদ্ৰিছ আলি আৰু সাধাৰণ সম্পাদক চহিৰ ভূঞাৰ আহ্বান মৰ্মে দৰং জিলাৰ বিখ্যাত বঠা বিলৰ দক্ষিণ পাৰত আৰু বুঢ়া লুইতৰ উত্তৰ পাৰত অবস্থিত সানোৱা গাঁৱত সানোৱা সাহিত্য সভাৰ সৌজন্যত উক্ত ইং ১৯৯৭ চনৰ ১১ অক্টোবৰ তাৰিখ শনিবাৰে দিনযোৰা কাৰ্যসুচীৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান ” সংহতি সপ্তাহৰ সুভাৰম্ভণি অনুষ্ঠান” টি উদযাপন কৰা হৈছিল। প্ৰকৃততে সেয়া আছিল অসমৰ সমাজ জীৱনৰ মহা সংগঠক , নববৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক , কীৰ্তন-দশম আদি কালজয়ী গ্ৰন্থৰ ৰচয়িতা মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ জন্ম জয়ন্তী । মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ জন্ম জয়ন্তী অতি সফলতাৰে এশ শতাংশ থলুৱা , খিলঞ্জীয়া মুছলমান অধ্যুষিত সানোৱা অঞ্চলত উদযাপন হৈ যোৱাটোৱেই প্ৰমাণ কৰিছিল অসমত বৰ্তি থকা সাতামপুৰুষীয়া সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰ কথা। এই অনুষ্ঠানটিত যোগদান কৰা বৰেণ্য সাহিত্যিক সকল আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট ঔপন্যাসিক , গল্পকাৰ ক্ৰমে ডঃ লক্ষ্মীনন্দন বৰা , ডঃ নগেন শইকীয়া , প্ৰধান সম্পাদক শৈলেন দাস , যশস্বী গীতিকাৰ তফজ্জুল আলি , জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ , প্ৰাক্তন সভাপতি ,বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী , বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱা , নাট্য প্ৰদীপ ৰজনী কান্ত নাথ ইত্যাদি অনেক।
অনুষ্ঠানটি সম্পন্ন হৈ যোৱাৰ পিছত তিনি দিনীয়া অগ্ৰদূত কাকতত ডঃ লক্ষ্মীনন্দন বৰাই “সানোৱাত সংহতি বিচাৰি ” শীৰ্ষক লেখনি লিখি অসমৰ সাতামপুৰুষীয়া সমন্বয় আৰু সম্প্ৰীতিৰ ভূৰি ভূৰি প্ৰশংসা কৰিছিল।
উক্ত অনুষ্ঠানটি সফলতাৰে ৰূপায়িত কৰা ক্ষেত্ৰ খনিৰ নামাকৰণ সেই অঞ্চলৰ দুগৰাকী বিখ্যাত ব্যক্তিৰ সোঁৱৰণত কৰা হৈছিল ” ৰহমত চিকাৰী-কান্তি ওঝা সমন্বয় ক্ষেত্ৰ” হিচাপে। ৰহমত চিকাৰী-কান্তি ওঝাৰ প্ৰকৃত নাম আছিল ক্ৰমে ৰহমত আলি আৰু কান্তি ৰাম নাথ । যথা ক্ষেত্ৰত থকা পাৰদৰ্শিতাৰ বাবে নিজৰ নামৰ লগত চিৰদিনৰ বাবে সংযুক্ত হৈছিল চিকাৰী আৰু ওঝা অঞ্চলটোৰ মানুহৰ মুখে মুখে। ৰহমত চিকাৰীৰ ঘৰ সানোৱাত আৰু কান্তি ওঝাৰ ঘৰ বৰ্তমান কৃষি প্ৰকল্পৰ বাবে বিখ্যাত হৈ পৰা গৰুখুটিত। সানোৱা আৰু গৰুখুটি ওচৰ চুবুৰীয়া দুখনি গাঁও । সানোৱা-গৰুখুটি অঞ্চলত থকা হিন্দু-মুছলমান মানুহৰ মিলন ভুমি সাতখলি গাঁৱৰ মানুহৰো অঞ্চলটিৰ উন্নয়ণত যথেষ্ঠ বৰঙনি আছে।
বিংশ শতিকাৰ প্ৰায় ২য়-৩য় দশক মানৰ পৰা বৃহত্তৰ সানোৱা-গৰুখুটি অঞ্চলত ওপৰত উল্লেখিত ৰহমত চিকাৰী আৰু কান্তি ওঝাৰ বাৰে ৰহনীয়া ব্যক্তিত্বৰ অৰিহনাত অঞ্চল ভিত্তিক সামাজিক , সাংস্কৃতিক , আৰ্থিক , শৈক্ষিক , ধৰ্মীয় , সমন্বয় আৰু সম্প্ৰীতিৰ এটি সুস্থিৰ তথা গভীৰ পৰিকাঠামো গঢ়ি উঠিছিল আৰু সাম্প্ৰতিক সময়তো সেই পৰিকাঠামোৰ বুনিয়াদ মজবুতকৈ ধৰি ৰখাত আজিৰ প্ৰজন্মও কৃতকাৰ্য ৰূপত থকা দৃষ্টিগোচৰ হৈ আছে।
সানোৱাৰ ৰহমত চিকাৰী , গৰুখুটিৰ কান্তি ওঝা আৰু সাতখলিৰ মজিবুদ্দিন গাঁওবুঢ়াৰ উত্তৰসুৰী হিচাপে এই বৃহত্তৰ অঞ্চলটিত কেবাজনো ব্যক্তিক দেখিবলৈ পোৱা গৈছে। সেই সকলৰ ভিতৰত সানোৱাৰ বিশ্ববিশ্ৰুত ইছলামিক পণ্ডিত মৌলানা ইছলামুদ্দিন , অধিবক্তা ফাইজুৰ ৰহমান , হাছাৰ আলি , জোবেদ আলি , মহছিন আলি , অভিযন্তা মকিবৰ ৰহমান ,গৰুখুটিৰ উপেন নাথ , পৰিক্ষিত নাথ , পীতাম্বৰ শৰ্মা , সাতখলিৰ হাচান আলি , মৌলানা আজমল হুছেইন , ছাবিদ আলি , নুৰমন অালি আদি অন্যতম।
দেশ তথা ৰাজ্যত সংঘটিত হৈ যোৱা বহুতো নেতিবাচক দিনৰ সময়তো বৃহত্তৰ সানোৱা-গৰুখুটি অঞ্চলত শান্তি, সমন্বয় আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত কোনো দিনেই কোনো কাৰণতেই আচোঁৰ নলগাকৈ থকা বিষয়টি কেৱল অসমৰ বাবেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আদৰ্শ হৈ আছে আৰু ভবিষ্যতলৈয়ো থাকিব।
এই বৃহত্তৰ অঞ্চলটিক পুব ,উত্তৰ আৰু পশ্চিম দিশক কৃষি কৰ্মৰ সেউজীয়াই আৰু দক্ষিন দিশক মহাবাহু বুঢ়া লুইতে আগুৰি থকাৰ দৰেই অঞ্চলটিৰ মানুহবোৰৰ মনবোৰো চিৰ সেউজীয়া আৰু পুৰনি শান্তি , সমন্বয় আৰু সম্প্ৰীতিৰ ঐতিহ্যক লৈ মহান হৈ আছে।
সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈ থকা গৰুখুটি কৃষি প্ৰকল্পই বৃহত্তৰ সানোৱা-গৰুখুটি অঞ্চলৰ মহিমামণ্ডিত আৰু গৰিমামণ্ডিত ঐতিহ্যত সোনত সুৱগা চৰোৱাৰ দৰে হওঁক বুলি অঞ্চলটিৰ ৰাইজৰ গভীৰ প্ৰত্যাশাবোধ আছে।
গভীৰ ভাবে পৰ্যালোচনা কৰিলে দেখা যায় বৃহত্তৰ সানোৱা-গৰুখুটি অঞ্চলৰ মানুহবোৰ নিজৰ নিজৰ সমাজ জীৱনত একো একো গৰাকী নিষ্ঠাবান ধৰ্মপ্ৰাণ লোক। কিন্তু উমৈহতীয়া কৰ্মময় জীৱনত নিজকে একো একো গৰাকী মহান জাতীয়তাবাদী অসমীয়া হিচাপে প্ৰতিষ্ঠাৰ সংগ্ৰাত ব্ৰতী হ’বলৈ কৰা আপ্ৰাণ প্ৰচেষ্টাৰ বাবেই সমগ্ৰ অঞ্চলটিত শান্তি , সমন্বয় আৰু সম্প্ৰীতি অটুট আছে। ব্যক্তিগত জীৱনত উদাৰপন্থী হিন্দু-মুছলমান হওক আৰু হ’ব লাগিব কিন্তু উমৈহতীয়া জীৱনত ধৰ্মই শিকোৱা মানবতাবাদহে প্ৰকৃত স্বৰূপ হোৱা উচিত। এই মানবতাবাদ সমাজ তথা জাতীয় জীৱনৰ অবিনশ্বৰ সম্পদ হৈ চিৰদিন চিৰকাল বিবেচিত হৈ থাকিব।
ফখৰুদ্দিন আহমেদ