মোৰ মহাবীৰ- নিতিষ্মান দাস

pc Spinditty

মোৰ মহাবীৰ

পিতৃ হৈছে মোৰ জীৱনৰ মহাবীৰ,

সহস্ৰ বিপদটো নহয় নতশিৰ।

ঈশ্বৰৰ তুমি মহান অৱতাৰ,

তুমি হৈছা মোৰ জীৱনৰ বিশেষ উপহাৰ।

হাজাৰ দুখ ভাগৰতো মাৰা তুমি হাঁহি,

যেন তুমি আহিছা জগত জিনি।

বন্ধু হৈছা তুমি মোৰ জীৱনৰ,

তাৰকা হৈছা তুমি মোৰ আকাশৰ।

মৰণৰ পাছতো মই তোমাৰেই সন্তান,

মই হৈছোঁ তোমাৰ ভৱিষ্যত আৰু মান।

তুমি হৈছা মোৰ জীৱনৰ বিশেষ ৰতন,

মাতৃৰ সম তুমিও, মোৰ কৰা যতন।

মোৰ জীৱনৰ তুমি ৰূপ আৰু সোণ,

দেখুৱাই থাকা তুমিয়েই ডাঙৰ সপোন।

তোমাৰেই ৰক্ত আছে মোৰ প্ৰাণত,

তোমাৰেই ছবি দেখোঁ মই প্ৰতিটো ক্ষণত।

নোহোৱা নতশিৰ, মোক দিবলৈ শিক্ষা,

মোৰ হিতৰ বাবে তুমি সদায়ে কৰা চেষ্টা।

তোমাৰ বাবে দেখোঁ মই প্ৰকাশ হেঙুলীয়া,

খেলিছিলোঁ তোমাৰ সৈতে মই হাতী আৰু ঘোঁৰা।

বীৰৰ দৰে তুমি হয় পৰাক্ৰমী,

মৰমেৰে তুমি মোক লোৱা সাৱটি।

শৰীৰত যেন আছে তোমাৰ অনন্ত সবলতা,

হেঙুলীয়া আভাৰে মোক দেখুৱা সফলতা।

তোমাৰ নাম উজ্জ্বলাবলৈ কৰিম চেষ্টা,

সচাকৈ তুমি এজন মহান যুদ্ধা।

-নিতিষ্মান দাস
সপ্তম শ্রেণী