ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰু ভাৰতৰ স্থিতি- গোপাল জালান

pc Istock

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰু ভাৰতৰ স্থিতি

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ বিশ্বজুৰি চৰ্চা হৈ থকাৰ মাজতে এতিয়া শক্তিধৰ ৰাষ্ট্ৰসমূহৰ দৃষ্টি নিবদ্ধ হৈছে ভাৰতৰ ওপৰত। ইতিমধ্যে কিছুমানে ইউক্ৰেইনক মুকলিভাৱে সমৰ্থন আগবঢ়াইছে। কেৱল সমৰ্থনেই নহয়, অস্ত্ৰ যোগান, অৰ্থ সাহায্য কৰিছে। ইয়াৰ বিপৰীতে কিছুমানে আকৌ ৰুছ বাহিনীকে সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। ইমানৰ পিছতো পিছে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰা দেশসমূহক লৈ এতিয়া আমেৰিকা, ইংলেণ্ড, চীন আদিৰ দৰে দেশৰ নেতাসকলৰ নিদ্ৰা হৰণ হৈছে। বিশেষকৈ এই যুদ্ধত ভাৰতৰ ভূমিকাক লৈ চৰ্চা হ’বলৈ ধৰিছে। কাৰণ ভাৰত-ৰাছিয়াৰ সম্পৰ্ক সকলোৰে জ্ঞাত। ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰ তালিকাত শীৰ্ষত আছে ৰাছিয়া। তদুপৰি ফ্ৰান্স আদিও ভাৰতৰ সমৰ্থনতে। কাৰণ শেহতীয়াভাৱে আমেৰিকা আদি দেশে ভাৰতৰ স্থিতিক লৈ চৰ্চা কৰি থকাৰ সময়তে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এইবুলি মন্তব্য কৰিছে যে ভাৰতে এনে পৰিস্থিতিত কেনে স্থিতি গ্ৰহণ কৰিব লাগে সেয়া ভালদৰে জানে। ভাৰতে এতিয়াও কোনো এখন দেশকে সমৰ্থন কৰা নাই। কৰাৰ প্ৰয়োজনো নাই। কিয়নো, দুয়োখন দেশৰ মাজত চলা যুদ্ধৰ কাৰণ সুকীয়া। তদুপৰি এসময়ত ছোভিয়েট ইউনিয়নৰ অংশীদাৰ আছিল ইউক্ৰেইন। ছোভিয়েট ইউনিয়ন ভংগৰ পিছত স্বাধীন ৰাষ্ট্ৰ হৈ পৰা ইউক্ৰেইনৰ স’তে পূৰ্বতে বিশেষ বিবাদ নাছিল যদিও বিগত এটা দশকত ৰাছিয়াৰ স’তে দেশখনৰ সংঘাত বৃদ্ধি পায়। ভাৰতে সদায় চাণক্য নীতিৰে আন দেশৰ স’তে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। শ শ বছৰ পূৰ্বে চাণক্য নীতিৰ বাবে বিদেশী ৰাষ্ট্ৰসমূহে ভাৰতৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ব্যৰ্থ হৈছিল। মাজতে ভাৰতে এই নীতিৰ পৰা আঁতৰি থাকি দলীয় নীতিৰ দ্বাৰা পৰিচালিত হৈছিল। প্ৰয়াত ইন্দিৰা গান্ধীয়ে এসময়ত শক্তিশালী স্থিতি গ্ৰহণ কৰি বিদেশী ৰাষ্ট্ৰৰ স’তে সু-সম্পৰ্ক স্থাপন কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি অতি দুৰ্বল হৈ পৰে। সেইবাবে আন ৰাষ্ট্ৰৰ মাজত কোনো সংঘাত হ’লে ভাৰতে কোনো মন্তব্য দিবলৈ সাহস কৰা নাছিল। নেতাসকল পৰাপক্ষত বিষয়বস্তুৰ পৰা আঁতৰি আছিল। অৱশ্যে ইয়াৰ কাৰণ আছিল দুৰ্বল নেতাৰ মনোভাব।
এতিয়া বিশ্বদৰবাৰত ভাৰতে আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, ফান্স, চীন আদি দেশৰ স’তে একেটা শাৰীতে স্থান লাভ কৰিছে। বিশেষকৈ, বিগত আঠ বছৰত ভাৰতে বৈদেশিক নীতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ সমানেই সৰু সৰু দেশসমূহৰ স’তে ভাৰতৰ কূটনৈতিক সম্পৰ্ক উন্নত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীক আজি বিশ্বৰ শক্তিশালী নেতাৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়। সেইবাবে এতিয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ভাৰতৰ স্থিতি সম্পৰ্কে শক্তিধৰ ৰাষ্ট্ৰসমূহে জানিবলৈ তৎপৰ হৈ পৰিছে। পিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ স্পষ্ট কথা– ভাৰতে শান্তি বিচাৰে। যুদ্ধৰে সমস্যা সমাধান নহয়। সেয়েহে দুয়োখন দেশক সংযত হ’বলৈ আহ্বান জনাইছে। মানৱতাৰ খাতিৰত ইউক্ৰেইনলৈ ঔষধ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এতিয়াও গৰিষ্ঠভাৱে ভাৰতে ৰাছিয়াকে সমৰ্থন কৰিছে। কাৰণ ৰাছিয়াৰ স’তে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্ক এদিনতে ছেদ কৰিব নোৱাৰে। এতিয়া বিশ্ববাসীৰ ভাৰতৰ প্ৰতি ঈৰ্ষাৰ কাৰণ হ’ল ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিক ছাত্ৰ-ছাত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ভূমিকা। ৰাছিয়া-ইউক্ৰেইনৰ ভয়াৱহ যুদ্ধৰ মাজতো ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। ৰাছিয়া ৰাষ্ট্ৰপতি ভvাডিমীৰ পুটিনৰ স’তে হোৱা প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাছত এই উদ্ধাৰ কাৰ্য দ্ৰুত হৈছে। বিশেষ বায়ুসেনাৰ বিমানেৰে ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টাৰ ত্ৰুটি কৰা নাই। চাৰিজনকৈ কেন্দ্ৰীয় মন্ত্ৰীক ইউক্ৰেইনৰ সীমান্ত ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰি উদ্ধাৰ কাৰ্য তদাৰক কৰাইছে। সম্ভৱতঃ এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত ইতিহাসত প্ৰধানমন্ত্ৰী মোদীয়ে যি ভূমিকা গ্ৰহণ কৰিছে সেয়া এক নজিৰবিহীন ঘটনা। উদ্ধাৰৰ সময়ত ভাৰতীয়সকলে খাদ্যৰ পৰা আৰম্ভ কৰি আন কোনো ক্ষেত্ৰতে সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাই। আনকি আমেৰিকা আদি ৰাষ্ট্ৰতকৈও ভাৰতে উদ্ধাৰকাৰীসকলক বেছি সুবিধা প্ৰদান কৰিছে। এই উদ্ধাৰ সম্ভৱ হৈছে মোদী-ভvাডিমীৰৰ টেলিফোনিক বাৰ্তালাপৰ পাছত। সেয়েহে এতিয়া ৰাছিয়াৰ স’তে কূটনৈতিক ক্ষেত্ৰত আৰু এখোপ আগুৱাই গ’ল। আনকি পাকিস্তানী শিক্ষাৰ্থীয়ে ভাৰতৰ পতাকা লৈ ইউক্ৰেইনৰ পৰা ওলাই অহা কথাটোৱে প্ৰমাণ কৰে ত্ৰিৰংগাক এতিয়া বিশ্ববাসীয়ে কিমান ভয় তথা সমীহ কৰে। যুদ্ধৰ মাজতো যদি ভাৰতীয় পতাকা লৈ জীৱন ৰক্ষা কৰিব পাৰে তেনেহ’লে দেশখনৰ বাবে কিমান গৌৰৱৰ বিষয় হ’ব পাৰে। যি সময়ত ভাৰত-পাকিস্তানৰ মাজত চলি থকা শীতল যুদ্ধখনক লৈ চৰ্চা হৈ আছে সেই সময়তো বৈৰী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰী উদ্ধাৰত ভাৰতে সহায়ৰ হাত আগবঢ়াইছে। ভাৰতৰ উদ্ধাৰ দৃষ্টিভংগীৰ এয়া এক সুন্দৰ নিদৰ্শন। এয়া কেৱল সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বিগত সময়ত বিশ্বৰ বিভিন্ন দেশৰ স’তে গঢ়ি তোলা সু-সম্পৰ্কৰ বাবে। এসময়ত ভাৰতে যিকোনো আন্তৰ্জাতিক বিষয়ত আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, ফ্ৰান্স, ইটালি আদি দেশৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল। অতি সম্প্ৰতি এই দৃশ্যপট সলনি হ’ল। এতিয়া বিশ্বৰ বহুতো শক্তিশালী দেশে ভাৰতৰ সিদ্ধান্তলৈ অপেক্ষা কৰিবলগীয়া হৈছে। অৰ্থাৎ ভাৰত অবিহনে এতিয়া আন্তৰ্জাতিক ক্ষেত্ৰ এখনৰ নক্সা অংকন কৰাটো সম্ভৱ নহয়। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই এই কথাকে স্পষ্ট কৰি দিছে।

 

গোপাল জালান
১০৮, এম জি ৰোড, ফাঁচীবজাৰ,
গুৱাহাটী, দূৰভাষঃ ৯৪৩৫১-০৩৯৭৭