ভাৰতত নতুনকৈ ৩,১১৬ জন লোক কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩,১১৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ৪৭ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৫,৮৫০ জনলৈ বৃদ্ধি হৈছে। ভাৰতত ৩৮,০৬৯টা সক্ৰিয় ঘটনা আছে।