হাতী অ’ হাতী
হাতী অ’ হাতী
কোৱা চোন কোৱা, সৰু কথা এটি !
শুৰডাল দীঘল কিয়
আৰু নেজডাল কিয় বাৰু চুটি?
চাইছানে কথাটো তুমি বাৰু ভাবি?
সুধিছানে ছাৰক বাৰু তাৰ কাৰণটি?
লাগিছে নেকি বাৰু তোমাৰ বৰকৈ ভোক?
ভোকতে খাবা নেকি বাৰু বাৰীৰ কল এথোক?
কল খাই গাত তুমি পাবা জানা বল।
যাব পাৰিবা তেতিয়া খেলিবলৈ ফুটবল।।
খেল চাবলৈ যাম আমি তোমাৰ পিঠিত উঠি ।
চহৰত হেঁপাহ পুলুৱাই ম’ম- পিজ্জা – ৰুটী।
ঘূৰি আহোঁতে লাগিব জানা আমাৰ বৰ ভাগৰ ।
চিধাচিধি দিমগৈ বিছনাতে বাগৰ ।।
তুমি চাগে আকৌ খাবা একুৰি মান কলগছ ?
কেনেকৈনো হ’ব বাৰু তোমাৰ ‘ওৱেইট ল’চ’?
আইতাই কয় তুমি বোলে বৰ জ্ঞানী ।
স্বাস্থ্য ৰক্ষাৰ নিয়মবোৰো চলিবা দেই মানি।।
খীনাবলৈ হ’লে তুমি সদায়ে কৰিবা ব্যায়াম।
তেহে পাবা বুঢ়া কালতো আৰাম।।
“দেহা থাকিলেহে বেহা” বুলি কয় ককাই।
সময় সদ্ ব্যৱহাৰহে জানা আমাৰ জীৱন পোহৰায়।।
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ ,শোণিতপুৰ