ষ্ট্ৰোকত আক্ৰান্ত হৈ ইউক্ৰেইনত ২২ বছৰীয়া ভাৰতীয় ছাত্ৰৰ মৃত্যু

pc. IndiaTimes.com

ষ্ট্ৰোকত আক্ৰান্ত হৈ ইউক্ৰেইনত ২২ বছৰীয়া ভাৰতীয় ছাত্ৰৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইনৰ ভিনিটচিয়াৰ নেচনেল পিৰোগভ মেম’ৰিয়েল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা পঞ্জাৱৰ ২২ বছৰীয়া ছাত্ৰ চন্দন জিন্দলৰ চহৰখনৰ এখন চিকিৎসালয়ত মৃত্যু হয়।তেওঁ ফেব্ৰুৱাৰীত ইস্কিমিক ষ্ট্ৰোকত ভুগিছিল আৰু আইচিইউত ভৰ্তি হৈছিল। তেওঁৰ দেউতাকে ভাৰত চৰকাৰক তেওঁৰ শৰীৰ টো ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ লিখিছে।