ব্লেক বেল্ট পুটিনক আন্তঃৰাষ্ট্ৰীয় জুডো ফেডাৰেচনৰ সন্মানীয় সভাপতি পদৰ পৰা নিলম্বিত

p.c- Onmanorama

ব্লেক বেল্ট পুটিনক আন্তঃৰাষ্ট্ৰীয় জুডো ফেডাৰেচনৰ সন্মানীয় সভাপতি পদৰ পৰা নিলম্বিত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত ভ্লাদিমিৰ পুটিনক আন্তৰ্জাতিক জুডো ফেডাৰেচন (আইজেএফ)ৰ সন্মানীয় সভাপতিৰ পদৰ পৰা নিলম্বিত কৰা হৈছে, ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে এক বিবৃতিত কয়। ব্লেক বেল্ট ধাৰক পুটিন ক্ৰীড়াৰ সৰ্বোচ্চ সন্মানসমূহৰ ভিতৰত অন্যতম অষ্টম ডেন বঁটা লাভ কৰা প্ৰথম ৰাছিয়ান হিচাপে পৰিগণিত হয়, কিন্তু ৰাছিয়াৰ আক্ৰমণৰ পিছত আইজেএফে এতিয়া পুটিনৰ ভূমিকা স্থগিত ৰাখিছে। “ইউক্ৰেইনত চলি থকা যুদ্ধ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত, আন্তৰ্জাতিক জুডো ফেডাৰেশ্যনে আন্তৰ্জাতিক জুডো ফেডাৰেচনৰ সন্মানীয় সভাপতি আৰু ৰাষ্ট্ৰদূত হিচাপে শ্ৰী ভ্লাদিমিৰ পুটিনৰ মৰ্যাদা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে,” আইজেএফে এক বিবৃতিত কয়।