সুখ- ময়ূৰাক্ষী গগৈ

pcInc. Magazine

সুখ

সুখ এটি মধুৰ অনুভূতি,
তাতেই লুকাই আছে
জীৱনৰ মাদকতা।
বিচাৰিব জানিলে,
দুখৰ মাজতো
সুখেই পোৱা যায়।
নিৰাশাৰ মাজৰ আশাও
এক প্ৰকাৰৰ সুখেই।
সপোনৰ পাছত দৌৰাতকৈ,
কৰ্ম কৰি গ’লেই
সুখ পাব পাৰি।
কাৰোবাক উপকাৰ কৰাত
অসমৰ্থ হ’লেও,
অপকাৰ নকৰাতোও সুখ।
হয়তো নিজে কান্দি,
আনক হাঁহিবলৈ শিকোৱাটোও
এক অনাবিল সুখেই।

ময়ূৰাক্ষী গগৈ