কবি প্ৰভাত হাজৰিকাৰ বিয়োগত শোকসভা

কবি প্ৰভাত হাজৰিকাৰ বিয়োগত শোকসভা

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্যৰথী সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য সাহিত্যপ্ৰেমী প্ৰভাত হাজৰিকাৰ মৃত্যুত আজি পাঞ্জাবাৰীত স্মৃতিচাৰণ কৰি এখন শোকসভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতেই প্ৰয়াত জনলৈ শ্ৰদ্ধা নিৱেদন কৰি বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে সভাপতি অতুল তামুলীয়ে । উপস্থিত সকলেও পুষ্পাঞ্জলি অৰ্পণ কৰে৷সভাই প্ৰয়াত প্ৰভাত হাজৰিকাৰ লগতে সদ্যপ্ৰয়াত সংগীত জগতৰ সুৰ সম্ৰাজ্ঞী ভাৰত ৰত্ন লতা মঙ্গেশকৰ, বাপ্পী লাহিড়ী, অপূৰ্ব বেজবৰুৱা আদিৰ চিৰ শান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনায় ৷সম্পাদক ডাঃ উপেন কাকতিয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত সভাপতি অতুল তামুলীয়ে প্ৰভাত হাজৰিকাৰ জীৱন আৰু কৰ্মৰ আভাস দিয়ে । বিশিষ্ট কবি দেবপ্ৰসাদ তালুকদাৰে হাজৰিকাৰ সান্নিধ্যৰ আভাস দিয়ে । সভাত উপ সভানেত্ৰী ড°পাৰুল গোস্বামী, সম্পাদক কাকতি, উপদেষ্টা দুৰ্গেশ্বৰ ঠাকুৰীয়া, মৃদু গোস্বামী, স্বপ্নালী নাথ, সমীজান বেগম, ৰাজেন ভট্টাচাৰ্য্য আদিয়েও প্ৰয়াতজনক শ্ৰদ্ধাৰে স্মৰণ কৰে৷সভাত হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰে । লগতে সভাই সমূহীয়াকৈ আন এটা শোক প্ৰস্তাৱো গ্ৰহণ কৰে ৷সভাই শাখাৰ সদস্য মফিজুদ্দিন আহমদ আৰু দুলাল ৰায়ৰ আশু আৰোগ্য কামনা কৰিও এটা প্ৰস্তাৱ গ্ৰহণ কৰে ।