ফাগুনী
চাওঁ ওৰণিখন গুচাই দে
অ মোৰ চিনাকি ফাগুনীজনী
আছেনে তোৰ
তাহানিৰ সেই ৰং
আছেনে তোৰ ওঁঠত তাহানিৰ সেই মিঠা হাঁহি
এৰা, সৰাপাতবোৰোৰ স’তেও যে তোৰ কি চুপতি
ৰঙা শিমলুৰ হাঁহিবোৰো
তোৰ আগমনত অধিক প্ৰাণৱন্ত হয়।
বাটৰুৱাইচোন ভেবা লাগি চায়
সতেজ চাৱনি এটা বুকুত বান্ধি আশাশুধীয়া মন এটা লৈ
তই সঁচাই ভাগ্যৱতী অ ফাগুনী, সঁচাই ভাগ্যৱতী
গায়ক গায়িকা, কবি সাহিত্যিক আটায়ে
তোৰ প্ৰেমতে মতলীয়া
লক্ষী প্ৰসাদ ৰেগন