” তোমাৰ স্মৃতিৰ সান্নিধ্যত “
আজি তোমালৈ মোৰ বাৰুকৈয়ে পৰিছে মনত
মনত পৰিছে তোমাৰ লগত পাৰ কৰা
মধুৰ স্মৃতিবোৰৰ কথা।
তোমাৰ জানো পৰেনে মনত মোলৈ কেতিয়াবা?
তুমি জানানে,
তুমি বিহীন জীৱন মই নোৱাৰো কটাব
আছে জড়িত তোমাৰ লগতে অলেখ আশা
অলেখ সপোন সযতনে ৰাখিছো বুকুত বান্ধি,
মোৰ কল্পনাৰ পৃথিৱীখনৰ অন্তত
লিখা আছে কেৱল তোমাৰেই নাম।
তুমি জানানে,
দূৰ আকাশৰ এটি ভোটা তৰাক চাই
মাগিছিলো মই তোমাক।
আৰু সঁচাকৈয়ে এন্ধাৰ ফালি এটি ভোটা তৰা হৈ
মোৰ জীৱনলৈ নমালা জোনাক।
পঠাই দিলে আকাশখনে তোমাক কেৱল মোৰ কাৰণে।
সান্নিধ্য তোমাৰেই এতিয়া বিচাৰো মই
সময়ৰ সোঁতক নোৱাৰো ৰাখিব ধৰি
ওলোটাই বোৱাবওটো নোৱাৰো মই।
পাৰিম তোমাক ভাল পাবলৈ
যুঁজ দিবলৈও সাজু এই পৃথিৱীখনৰ ।
ব্যস্ত তোমাৰ জীৱন হ’লেও
মোৰ কাৰণে অলপ সময় উলাবনে আজি?
জীৱনৰ বিয়লি বেলাটো
কটালো অকলশৰেই,
নোৱাৰো এতিয়া আৰু থাকিব নিঃসংগে
মোৰ অভিমানী মনটোক বুজাব লাগিব তুমি আহি
নুশুনে সি কাৰোৰেই কথা আজি।।।
বিশ্বজিৎ বৰা
গুৱাহাটী,অসম