কেনেকৈ পাহৰোঁ, শৈশৱৰে পৰা যিজনৰ গীত শুনি আহিছোঁ!- অঞ্জু শাণ্ডিল্য

pc daily news 360

কেনেকৈ পাহৰোঁ, শৈশৱৰে পৰা যিজনৰ গীত শুনি আহিছোঁ!

অঞ্জু শাণ্ডিল্য

সৰুতে ৰেডিঅ’ত শুনিছিলোঁ, সেই কালজয়ী গীতবোৰ। শুনি শুনি মুগ্ধ হৈ পৰোঁ, বিশেষকৈ চাহ বাগিচাৰ পটভূমিতে ৰচিত গীতবোৰে আমাক বৰকৈ আকৰ্ষিত কৰিছিল। কাৰণ আমাৰ জন্ম চাহ বাগিচাত ।আমাৰ শৈশৱ, কৈশোৰ চাহবাগিচাতে পাৰ হৈছিল।

“চাহ গছৰ কোমল পাতত” শীর্ষক গীতটো শুনিলেই চাহ-বাগিচাৰ ছবিখন ,চাহমজুদৰ সকলৰ জীৱন-গাঁথা, প্রেম-পীৰিতি আদিৰ কথা চকুৰ আগত ভাহি উঠে। আৰু অলেখগীত—’চিল্‌মিল টোপনিতে’ ‘মহুৱা ফুলৰ গোন্ধ’, ‘কপৌ ফুলাৰ বতৰত, ‘মন সাগৰৰ ঢৌ ‘মাইনজান তোকে দেখা পাই’ ‘লগ দিয়াৰ কথা আছিল’ ‘অ’ তৰামাই বিহুৱান’ ‘চেনাই তোৰ পেপাৰে মাত’, ‘বোকাৰ মৰমেকে আকোৱালি লোৱা’, ‘তোৰে মন পাবলৈ চেনাই ‘অ’ নাচনী নাচি বাগি, ‘নানা ৰহনীয়া বাৰে বৰণীয়া’ আদি ৰাচি ভিন্নজনৰ কণ্ঠেৰে নিগৰাইছিল।

যিজনৰ গীত শুনি শুনি সৰুৰে পৰা মুগ্ধ হৈছিলোঁ, সেইজন কবি, গীতিকাৰ, সুৰকাৰ , কণ্ঠ শিল্পী, সংগীত পৰিচালক অপূর্ব বেজবৰুৱা। ৰেডিঅ’ত গীত গোৱা মানুহজনক বহুদিনলৈকে দেখাই নাছিলোঁ। মাত্র ৰেডিঅ’ত গীতবোৰহে শুনি থাকোঁ। পাছত টিভিৰ পর্দাত দেখিবলৈ পাওঁ। আৰু গুৱাহাটীত থাকিবলৈ লোৱাৰ পাছত সোঁশৰীৰে মানুহজনক লগ পালোঁ। ২০১১ চনৰ ‘নিউজ লাইভ’ৰ দ্বীপান্বিতা উপলক্ষে অনুষ্ঠিত হোৱা সংগীতৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে লগ পাই অভিভূত হৈ পৰোঁ। চকুৱে-মুখে বিয়পি পৰা এমোকোৰা হাঁহিৰে উদভাসিত মুখমন মনত ৰৈ যায়। তাৰ পাছতো ‘নিউজ লাইভ’ৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত লগ পাই আহিছোঁ। শেষবাৰৰ বাবে লগ পাইছিলোঁ – ২০১৯ বর্ষৰ উত্তৰ-পূব গ্রন্থমেলা’ত ১৪ নৱেম্বৰৰ দিনা । সেই দিলা গ্রন্থমেলাত ১৪জন শিল্পীক সম্বর্ধনা জনোৱা অনুষ্ঠানত এই জন শিল্পীও আছিল। কণ্ঠ শিল্পী হাচিনা হাজাৰিকাই আমাকে চিনাকী কৰি দি কৈছিল—”এয়া অঞ্জু, মোৰ ভাই বোৱাৰী। অপূর্ব বেজবৰুৱাই আমাৰ কপালৰ আৰু শিৰৰ সেন্দুৰলৈ চাই ৰৈছিল। কৈছিল- “এওঁক আগতে লগ পাইছোঁ নহয়; কিন্তু তোমাৰ ভাই-বোৱাৰী বুলি জনা নাছিলোঁ।’’

মানুহজনৰ মুখত আচৰিত ভাৱ পৰিলক্ষিত হৈছিল। আমাৰো আচৰিত লাগিছিল ইমান সাংগীতিক প্রতিভা মানুহজনৰ মাজত! দশক দশক জুৰি আধুনিক গীতক নতুন ৰূপত সজাই তোলা মানুহজনে দুহেজাৰৰো অধিক গীত সৃষ্টি কৰিছিল। ১৯৫১ চনৰ ১৫ অক্টোবৰত নাজিৰাত জন্মগ্রহণ কৰা অপূর্ণ বেজবৰুৱাই মইনা পাৰিজাত চ’ৰাত গীত গাবলৈ লয়। সত্তৰৰ দশকত অসমৰ সংগীত জগতত নিজা সৃষ্টিৰাজিৰে প্রবেশ কৰা শিল্পীজনে আৰু পিছনে ঘূৰি চাব লগা নাছিল। জনপ্রিয়তা, খ্যাতিৰে ওপচি পৰিছিল। গীতৰ কথা আৰু সুৰ সৃষ্টিত অভিলেখ সৃষ্টি কৰে। বিহুসুৰীয়া আধুনিক গীত সৃষ্টিৰে সংগীতপ্রেমীৰ হৃদয় জয় কৰে। অসমৰ বিভিন্ন জনে গীতিকাৰজনৰ গীতত কণ্ঠদান কৰাৰ বাদেও সুধাকণ্ঠ  ড০ ভূপেন হাজাৰিকা, সন্ধ্যা মেনন, অনিমা চৌধুৰী, ৰিদিপ দত্ত, বিজয় ভুঞা, লুনা সোণোৱাল, আদিয়েও কণ্ঠদান কৰে। তাৰোপৰি আশা ভোছলেৰ ‘জুই জুই একুৰা জুই’, কবিতা কৃষ্ণমূর্তিৰ ‘অ মোৰ কলিজা’, উদিত নাৰায়ণৰ ‘এই কিনো হৈ যায়’, হেমা সৰদেশাইৰ ‘বুকুত বাজিছে’ আদি গীতবোৰো অপূর্ব বেজবৰুৱাই ৰচনা কৰা। ছখন গীতৰ পুথিয়ে অপূর্ব বেজবৰুৱাৰ গীতৰ নিদর্শন ডাঙি ধৰিছে— ‘চিলমিল টোপনিতে’, ‘মহুৰা ফুলৰ গোন্ধ’, ‘কপৌফুলৰ বতৰতে’, ‘মন সাগৰৰ ঢৌ’, ‘গীতক সুৰভি, আর অপূর্ব বেজবৰুৱাৰ জনপ্রিয় গীত। বিহু আৰু বনগীতৰ ওপৰত সৃষ্টি কৰা আধুনিক গীত ৯০ এটাৰ একত্রে সংকলন ‘কপৌ পাহি তোৰে খোপাত’ এম বি বি এণ্টাৰ প্ৰাইজে প্রস্তুত কৰি উলিয়াইছে। চাহ জনগোষ্ঠীয় লোক-সংগীতৰ ওপৰত ভিত্তি কৰি চাহ বাগিছাৰ পৰিৱেশত ৰচনা কৰা গীতেও জনপ্রিয়তা লাভ কৰে। তাতে পিতৃ নীৰা বেজবৰুৱা আছিল চাহ খেতিয়ক। সেয়েহে চাহ-জনগোষ্ঠীয় সমাজখন ওচৰৰপৰা দেখিছিল। ২০০ অডিঅ’ কেছেটত কন্ঠদান কৰা শিল্পীগৰাকীয়ে। নিজা প্ৰযোজনাৰে প্রায় ৩০ খন কেছেটত কণ্ঠদান কৰিছে- প্রহৰী, চম্পাৱতী, শিল্পী, মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰা দৈ, ৰূপহী ৰূপে মোহনীয়া, ৰাংঢালী, মাকণ ঐ, দোমোজাতে, মৌ প্ৰিয়া,মৰমতৃষ্ণা, চঞ্চলা সন্ধান, কপৌ পাখি তোৰে খোপাত, কাষত গাগৰী লৈ, মায়াবিনা আদি।

কোবাখনো ছবিৰ গীত লিখি সংগীত পৰিচালনা কৰে — ‘ৰঙা নদী’, ‘বুকুৰ মাজ্যত জ্বলে’, ‘আই কিল্ড হিম ছাৰ’,অভিশপ্ত প্ৰেম (অসমীয়া আৰু বাংলা)  সোণৰ খাৰু নেলাগে মোকা’ ‘মায়া (বাংলা), তেহেচ নেহেচ ‘নাগপুৰী আছি। দূৰদৰ্শনৰ ধাৰাবাহিক, টেলিফিল্ম, তথ্যচিত্ৰৰো সংগীত পৰিিচালনা কৰি কণ্ঠদান কৰে— অগ্নিযুগৰ ফিৰিঙতি প্রজাপ্ৰতয়ে নমঃ’,’পিপাশু’, কুৱলীৰ  ওৰণি গুচাই’, বিহাইণ্ড দ্য বৰাইল ৰেঞ্জ ,‘প্ৰতিশ্ৰুতি’ ,’জীৱনযাত্রা’ আদি। আনহাতে ভাৰতীয় খাদ্য নিগমৰ বিষয়া ৰূপে অৰুণাচল প্রদেশত থাকোঁতে কেবাখনো অৰুণাচলী তথ্যচিত্ৰ আৰু ধাৰাবাহিকতো সংগীত পৰিচালনা কৰিছিল। বহুতো বঁটা, সন্মান, পুৰস্কাৰ লাভ কৰা শিল্পী জনে ২০১৯ বৰ্ষত ‘শিল্পী বঁটা’ও লাভ কৰে।প্ৰায়ে আমাৰ ভাৰাঘৰত থকা চেলুনখনত দাড়ি-চুলি চিকুনাবলৈ আহিছিন শিল্পীজন। “শিল্পী বঁটা’ লাভ কৰাৰ পাছত চেলুনখনত স্বামীয়ে লগ পাই অভিনন্দন জানাওতে কৈছিল—”মোতকৈও বেছি জনপ্রিয় আৰু সংগীতৰ ক্ষেত্ৰত বহু অৱদান আগবঢ়োৱা জেষ্ঠ সংগীতজ্ঞ আছে। সেইসকলৰ কোনোৱা এজনে এই শিল্পী বঁটা পোৱা হ’লে বেছি ভাল পালোঁহেঁতেন।

এইজনেই অপূৰ্ব বেজবৰুৱা। বঁটা-বাহন, সম্মান প্রাপ্তিৰ বাবে লোভ-মোহ নাই। নাই যি নাই, একেবাৰেই গুছি গ’ল মানুহজন। ৭১ বছৰতে ৯ ফেব্ৰুৱাৰীৰ  কাল সন্ধ্যাই ৬ বাজি ৪০ মিনিটতে আমাৰ মাজৰপৰা আঁতৰাই নিলে। য’তে থাকাক শান্তিৰে থাকাক।