পাঞ্জাবাৰীৰ অৰণ্য ভৱনত একাংশ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ প্ৰতিবাদ

পাঞ্জাবাৰীৰ অৰণ্য ভৱনত একাংশ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনৰ সন্মূখত উত্তাল প্ৰতিবাদ। একাংশ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ এই প্ৰতিবাদী কাৰ্যসূচী। বন বিভাগৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাৰ বাবে প্ৰতিবাদ। ৩০ আগষ্ট ২০১৪ চনতে ১০৪ পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে চৰকাৰে দিছিল বিজ্ঞাপন। ১৭ ডিচেম্বৰ ২০১৫ চনত হৈছিল শাৰিৰীক পৰীক্ষা। ৪ মাৰ্চ ২০১৬ চনত অনুষ্ঠিত হয় মৌখিক পৰীক্ষা। নিযুক্তি পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতো চূড়ান্ত ফলাফল ঘোষণা নকৰাৰ অভিযোগ কৰে। ২০১৪ চনৰ বন বিভাগৰ এই নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই পূৰণ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।