কিবা যেন নোহোৱা হ’ল- যুথিকা ৰাণী শৰ্মা

কিবা যেন নোহোৱা হ’ল

গুলপীয়া ওঠযুৰি শুকাই গ’ল…….
আধাফুটা মাতাৰে আৰম্ভ কৰি
তুলবুলীয়া ওঠযুৰিৰে শব্দ বোৰ
কঁপি কঁপি কেৱল গাই গ’ল….গাই গ’ল
সেই ৰসাল ওঠযুৰি শুকাই গ’ল

শব্দ বোৰ জঠৰ হ’ল
যিবোৰৰ উচ্চাৰণত টপাটপে সৰিপৰা
ভাপত লোতকবোৰে গলাই দিছিল
পাষাণ হৃদয়ৰ ধাৰ।
সেই শব্দৰ ঝংকাৰবোৰ স্থবিৰ হ’ল

সেই সুৰবোৰত আউল লাগিল
যি সুৰত তমসাৰ পৰা জাগি উঠে
বাউলি প্ৰভাত
সেই প্ৰভাতৰ হাঁহিবোৰ গোমা হ’ল
সুৰ বোৰ দিশহাৰা হ’ল
উহ সেই তালবোৰ বেতাল হ’ল
যি তালৰ ঝংকাৰত ডেউদি ফুৰিছিল
নাচনী তটিনীজনী
তাইৰ দুভৰি থমকি গ’ল
তালবোৰ বেতাল হ’ল
সেই উশাহবোৰ ঘন হ’ল
যি উশাহ বোৰত ভাঁহি উঠিছিল
বুজা নুবুজাৰ ভাষাৰ
হুমুনিয়াহৰ পৰা হামিংলৈ
আনন্দৰ পৰা অশ্ৰুলৈ
প্ৰতিশ্ৰুতিৰ পৰা অভিমানলৈ
সহস্ৰ হৃদয়ৰ সহস্ৰ গাঁঠা
বুকু ফালি উলাই অহা সেই উশাহবোৰ
সহস্ৰ বুকু ভেদি নোহোৱা হ’ল।
সেই উশাহবোৰ নোহোৱা হ’ল

যুথিকা ৰাণী শৰ্মা