ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ বৰছলা আৰক্ষীৰ বৃহৎ অভিযান
ইকবাল হুছেইন,মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- বৰছলা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন সহ তিনিজনক কৰায়ত্ব কৰে। মৰিগাঁও জিলাৰ বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মামনি কুমাৰীৰ নেতৃত্বত গৰৈমাৰীৰ পৰা তিনিজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰিয়াজ উদ্দিন (২৫)আব্দুল আজিত(48) আৰু ৰাজু আলী(২৬) ক ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত হাতেলোটে ধৰা পেলাই। এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বৰছলা আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত গৰৈমাৰীত ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়ত কৰায়ত্ত কৰে ৷ উক্ত ড্ৰাগছ সৰবৰাহ কাৰী তিনিজনৰ পৰা এটা ড্ৰাগচ ভৰ্তি চাবোনৰ বাকচ এটা ড্ৰাগছ ভৰ্তি কনটেইনাৰ লগতে ৯ টা খালী কন্টেইনাৰ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়। লগতে সৰবৰাহকাৰীৰ পৰা চৈধ্য হাজাৰ নগদ ধন আৰু এটা মবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে সন্ধিয়া ৭ বজাত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই সৰবৰাহকাৰী তিনিজনক গ্ৰেপ্তাৰ কৰে। আৰু অধিক তথ্যৰ বাবে সৰবৰাহ কাৰীক জেৰা অব্যাহত ৰাখিছে ।