কৰ্ণাটকাত ১৮০ কোটি ব্যয়েৰে সামৰিক বিদ্যালয় স্থাপন: মুখ্যমন্ত্ৰী বোম্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই কৈছিল যে ৰাজ্য চৰকাৰে ১৮০ কোটি টকাৰ ব্যয়েৰে স্বাধীনতা সংগ্ৰামী চাংগোলী ৰায়ন্নাৰ নামত এখন সামৰিক বিদ্যালয় স্থাপন কৰিবলৈ সাজু হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰকল্পটোৰ বাবে ৫৫ কোটি টকা মুকলি কৰিছে আৰু বিদ্যালয়খন অধিগ্ৰহণ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে আলোচনা চলি আছে, বোম্মাই কয়।