উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে গাজিয়াবাদত ঘৰে ঘৰে প্ৰচাৰ চলাইছে
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভোট বিচাৰি গাজিয়াবাদৰ মোহন নগৰ অঞ্চলত ঘৰে ঘৰে প্ৰচাৰ চলাইছিল। তেওঁ কোভিড-১৯ সংকটক লৈ বিৰোধীক আক্ৰমণ কৰিছিল। “কৰোনা (ভাইৰাছ) সংকটৰ সময়ত কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টি সন্ধানহীন হৈ আছিল। কেৱল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হে জীৱন ৰক্ষাৰ বাবে কাম কৰি আছিল,” তেওঁ দাবী কৰে।
