ভোগালী বিহু উদ্‌যাপন কৰিবলৈ নিদিয়াটোৱেই ৰাজ্য চৰকাৰৰ একমাত্ৰ উদ্দেশ্যঃঅজিত কুমাৰ ভূঞা

ভোগালী বিহু উদ্‌যাপন কৰিবলৈ নিদিয়াটোৱেই ৰাজ্য চৰকাৰৰ একমাত্ৰ উদ্দেশ্যঃঅজিত কুমাৰ ভূঞা

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰে ঘোষণা কৰিছে- আমি এতিয়া কৰ’নাৰ তৃতীয়টো ঢৌৰ মাজত সোমাই পৰিছোঁ৷সেয়ে চৰকাৰে কঠোৰ নীতি-নিয়ম বান্ধি দিছে৷চলন-ফুৰণ,যাত্ৰা,কেইবজাৰ ভিতৰত উৰুকাৰ ভোঁজ খাব,মেজি কেইবজাৰ আগতে জ্বলাব নোৱাৰিব আদি সকলোতে নিৰ্ধাৰিত কিছুমান নীতিৰ মাজত চলিবলৈ ৰাইজক কঠোৰ সকীয়নি দিছে৷এয়া ভাল কথা৷কিন্তু কেৱল মাঘৰ বিহু উদ্‌যাপনতহে এই নিষেধাজ্ঞ কৰা হ’ল৷-এই মন্তব্য ৰাজ্যৰ সাংসদ অজিত কুমাৰ ভূঞাৰ৷আজি দিছপুৰ প্ৰেছ ক্লাবত আঞ্চলিক গণ মৰ্চাই আয়োজন কৰা সংবাদ মেলত  মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই এইদৰে কয়৷তেওঁ পুনৰ কয়- ৩১ ডিচেম্বৰৰ মাজনিশালৈকে চলা পাৰ্টীবোৰৰ ক্ষেত্ৰত এইবোৰ নিষেধাজ্ঞা কৰা নহ’ল৷কাটাই কাটাই ১ জানুৱাৰীৰ পুৱাৰ পৰাহে কৰ’নাৰ তৃতীয়টো ঢৌৰ জন্ম হ’ল বুলি ৰাজ্য চৰকাৰলৈ ’বিশেষ গোপন বাৰ্তা’ আহিল৷আচলতে ভোগালী বিহু উদ্‌যাপন কৰিবলৈ নিদিয়াটোৱেই ৰাজ্য চৰকাৰৰ একমাত্ৰ উদ্দেশ্য৷অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে এয়া অপমান আৰু হতাশাজনক৷যেতিয়াই আমাৰ পৰিচিতি,আমাৰ অস্তিত্ব সুৰক্ষিত কৰাৰ প্ৰশ্ন আহে তেতিয়াই এই চৰকাৰে তাক কাষৰীয়া কৰি উৰুৱাই দিয়াৰ চেষ্টা কৰি আহিছে৷এহাতে অসম চুক্তিৰ ৬নং দফাৰ বিশেষ কমিটীয়ে দাখিল কৰা প্ৰতিবেদন কাৰ্যকৰী কৰা নহ’ব বুলি কৈছে আৰু আনহাতেদি অসমীয়াৰ অস্তিত্ব প্ৰতি ভাবুকি অহাৰ কথা কৈ স্বয়ং মুখ্যমন্ত্ৰীজনে সুবিধা পালেই ঘঁৰিয়ালৰ চকুপানী টুকিছে৷এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে উচটনি দি মানুহক মেৰুকৰণ কৰাৰ উদ্দেশ্যৰেই চলি আছে এইবোৰ নাটক৷এহাতে চৰকাৰখনে অসমৰ ৬ টা জনগোষ্ঠীৰ জনজাতিকৰণত অসন্মতি প্ৰকাশ কৰিছে আৰু ইফালে মুখ্যমন্ত্ৰীজনে এই ৬ টা জনগোষ্ঠী আৰু ইতিমধ্যে জনজাতিৰ মৰ্যদাপ্ৰাপ্ত জনগোষ্ঠীসমূহৰ মাজত বিভেদ সৃষ্টিৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷দেখদেখকৈ জাতিটোক সকলো দিশৰ পৰা চেপি এটা ভয়ংকৰ অৱস্হাৰ মাজলৈ লৈ যোৱাৰ ঘৃণনীয় চক্ৰান্তত লিপ্ত হৈছে এই বিজেপি নেতৃত্বাধীন চৰকাৰে৷চৰম লাজ আৰু অপমানৰ কথা যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বিষয়টোকে উঠাই দিয়া হ’ল৷ইয়াৰ দ্বাৰা এই চৰকাৰখনে আচলতে কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈছে সেয়াও আজি ৰাইজৰ আগত অতি উলংগ ৰূপত ধৰা পৰিছে৷কেৱল সিমানেই নহয়,যি সময়ত চৰকাৰৰ কৃপাদৃষ্টিৰ আশাত হেজাৰ হেজাৰ অসমীয়া মাধ্যমৰ স্কুল যন্ত্ৰণাত ককবকাই আছে,তেনে এটা সময়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ৰাজ্যত ১২৬ খন ইংৰাজী মাধ্যমৰ স্কুল স্হাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ইয়াৰ কি বিষম পৰিণতি হ’ব সেই কথা বিজেপি চৰকাৰে অনুধাৱন কৰিব নোৱৰাটোহে আটাইতকৈ দুৰ্ভাগ্যৰ কথা৷সংবাদ মেলত সম্পাদক প্ৰণৱজ্যোতি চেতিয়া,উপ সভাপতি ভূপেন চৌধুৰী উপস্হিত থাকে৷