কৰ’না ভাইৰাছৰ বিৰুদ্ধে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিৰ বাবে জীৱনশৈলীত যােগক এক অবিচ্ছেদ্য অংগহিচাপে গ্ৰহণ কৰিবলৈ সকলােকে আহ্বান জনাইছোঁ: সােণােৱাল
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় আয়ুষ মন্ত্রী তথা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সংবাদ মাধ্যমৰ লােকসকলক সম্বােধন কৰে আৰু কৰ’না ভাইৰাছৰ বিৰুদ্ধে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিৰ বাবে সকলােকে তেওঁলােকৰ জীৱনত যােগক এক অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ জনায় যে আয়ুষ মন্ত্রালয়ে কৰােনাৰ বিৰুদ্ধে যুঁজত ৰােগ প্রতিৰােধ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু মহামাৰীৰ সময়ত জনসাধাৰণক ফিট ৰখাত সহায় কৰিবলৈ চ্যাৱনপ্রশ, শংখমণি বাতি, অনু টেইল আৰু আয়ুষ কোৱাথক লৈ “আয়ুৰক্ষা কিট” নামৰ এক আয়ুর্বেদিক কিট বিকশিত কৰিছে। সােণােৱালে লগতে অৱগত কৰে যে, যিহেতু দেশখনে ক’ভিড-১৯ সংক্রমণৰ আন এক প্রত্যাহ্বানৰ সন্মুখীন হৈছে, সেই পৰিপ্ৰেক্ষিতত দেশৰ সমগ্র স্বাস্থ্য ব্যৱস্থাই এই মহামাৰীৰ উপযুক্ত প্রত্যুত্তৰ দিবলৈ ভালদৰে সাজু হৈছে। তেওঁ জনায় যে, আয়ুষ মন্ত্রালয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ সৈতে ওতপ্রােত সমন্বয়ৰ মাজেৰে কাম কৰি আছে আৰুপাৰস্পৰিক সহযােগিতাৰে বিভিন্ন স্বাস্থ্য প্রণালীৰ কার্যকাৰীতা ফলপ্রসূ আৰু ক্ষিপ্রতাৰে কৰাত গুৰুত্ব আৰােপ কৰিছে। আয়ুষ মন্ত্রালয়ে ক’ভিড সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিবলৈ জাৰি কৰা নির্দেশনা সুচাৰুৰূপে অনুসৰণ কৰিবলৈ সকলােকে আহ্বান জনায়। তেখেতে কয় যে, সময়ােচিত আয়ুষ পৰীক্ষণ প্রণালীত ক’ভিড-১৯ৰ ব্যৱস্থাপনা আৰু চিকিৎসাৰ বাবে বহুতাে প্রমাণিত উপায় আছে। সেয়েহে, মৃদুৰ পৰা মধ্যমীয়া ক’ভিড সংক্ৰমণত হােম আইচ’লেশ্যনত থকা লােকসকলে যােগ্য চিকিৎসকৰ সৈতে আলােচনা কৰি আয়ুষ-৬৪ বা কাবাচুৰা কুডিনাৰ গ্ৰহণ কৰিব পাৰে। লগতে, নিয়মিতভাৱে যােগাভ্যাস কৰিবলৈ আৰু সংক্রমণ প্রতিৰােধ কৰিবলৈ স্বাস্থ্যসন্মত আয়ুষ আহাৰ গ্ৰহণ কৰিবলৈ সােণােৱালে পৰামর্শ দিয়ে। তদুপৰি তেওঁ উল্লেখ কৰে যে আয়ুষ মন্ত্রালয়ে সকলাে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু সেইমর্মে প্রাসঙ্গিক নির্দেশনা জাৰি কৰি আছে।