ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা পাছত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰনিৱাসত উত্তপ্ত পৰিস্থিতি

P.c- The Sentinel Assam

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা পাছত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰনিৱাসত উত্তপ্ত পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে নিশা দুটা হোষ্টেলৰ শিক্ষাৰ্থীৰ মাজত হোৱা সংঘৰ্ষই ল’লে চূড়ান্ত ৰূপ। বিশ্ববিদ্যালয়খনৰ সীতানাথ ব্ৰহ্ম চৌধুৰী (এছ এন বি চি)ৰ আৱাসীসকলে মহেন্দ্রনাথ ডেকাফুকন (এম এন ডি পি)ৰ শিক্ষাৰ্থীসকলৰ ওপৰত কৰা আক্ৰমণত আহত হৈছে ২৪জনকৈ শিক্ষার্থী। আহত আটাইকেইজনে এম এন ডি পি হোষ্টেলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিশা আহত ছাত্ৰসকলক প্রাথমিক চিকিৎসা প্রদান কৰাৰ পাছত হাস্পতালৰ পৰা আহিবলৈ অনুমতি দিয়া হয় যদিও মহেন্দ্ৰনাথ ডেকাফুকন হোষ্টেলৰ আৱাসী তথা প্ৰথম ষাণ্মাসিকৰ প্রজ্ঞান প্রতিম বৰা নামৰ ছাত্ৰ জনে মুখত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে তেওঁক মহানগৰীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়।