৩১মাৰ্চৰ পূৰ্বে  শিক্ষা বিভাগত ২২ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

p.c The Sentinel Assam

৩১মাৰ্চৰ পূৰ্বে  শিক্ষা বিভাগত ২২ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে যে শিক্ষা বিভাগত ২২ হাজাৰ শিক্ষকক অহা ৩১মাৰ্চৰ পূৰ্বে নিযুক্তি দিয়া হ’ব। শিক্ষা বিভাগৰ এক কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ইতিমধ্যে নিযুক্তি প্রক্রিয়া আৰম্ভ  হৈছে আৰু প্ৰাৰ্থীসকলৰ নথিপত্ৰসমূহ পৰীক্ষা কৰি থকা হৈছে। নিযুক্তিৰ সকলো ভেৰিফিকেচন শেষ হোৱাৰ লগে লগে নিযুক্তিৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ হ’ব। নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্য চৰকাৰে অহা ৩১ মাৰ্চৰ পূৰ্বে এক লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই প্রস্তুতিৰ অংশস্বৰূপে শিক্ষা বিভাগতো সম্পূৰ্ণ কৰা হ’ব ২২ হাজাৰ শিক্ষকৰ নিযুক্তি।