অনুৰাধা শৰ্মা পূজাৰীক অভিনন্দন সাহিত্যৰথীৰ

অনুৰাধা শৰ্মা পূজাৰীক অভিনন্দন সাহিত্যৰথীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ এগৰাকী সুপ্ৰতিস্থিত সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক সদ্য ঘোষিত সাহিত্য একাডেমীৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে । পাঞ্জাবাৰী অঞ্চলৰ বৰ্তমানৰ বাসিন্দা এগৰাকী ব্যক্তিক এনে সন্মানেৰে বিভূষিত কৰা বাবে অসমবাসীৰ লগতে এই অঞ্চলৰ অন্যতম অসম সাহিত্য সভাৰ শতদল শাখা সাহিত্যৰথী সাহিত্য সভাৰ সমূহ বিষয়ববীয়া আৰু সদস্য‌ই গৰ্ববোধ কৰে। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে আনুষ্ঠানিকভাৱে শাখাৰ হৈ সভাপতি অতুল তামুলী, সম্পাদক ডাঃ উপেন কাকতি , কাৰ্যকৰী সদস্য, অৱসৰী মুখ্য অভিযন্তা ফাইজুৰ ৰহমান, হেমাংগিনী ডেকা আৰু হিমিকা হেনিন কাকতিৰ প্ৰতিনিধি দলটোৱে বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীক অভিনন্দন জনায় আৰু তেওঁৰ সাহিত্য ক্ষেত্ৰৰ জয়যাত্ৰা অৱ্যাহত থকাৰ উদ্দেশ্যে আন্তৰিকতাৰে কামনা কৰে ।