গ্ৰন্থমেলাত ‘সংগীতৰ যাত্ৰা’

গ্ৰন্থমেলাত ‘সংগীতৰ যাত্ৰা’

ৰঙিলী বাৰ্ত্তাসেৱা-  সাংস্কৃতিক গোষ্ঠী ‘সংগীতৰ যাত্ৰা’ৰ উদ্যোগত গ্ৰন্থমেলাৰ বাকৰিত এক মনোৰম অনুষ্ঠান অনুষ্ঠিত হয় ।অনুষ্ঠানত গীত -নৃত্যৰে মুখৰিত কৰে সন্দীপ চমৰীয়া,লিপিকা ডেকা,কমল কিশোৰ গোস্বামী,তাপস কুমাৰ মিশ্ৰ,কাকলি বায়ন,বিধি চমৰীয়া,মনোজ দাস প্ৰমুখ্যে শিল্পী সকলে। অধিবক্তা তথা সাংস্কৃতিক কৰ্মী সন্দীপ চমৰীয়াৰ একক প্ৰচেষ্টাত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰে অধিবক্তা,শিল্পী লিপিকা ডেকাই।