দীপৰ বিলৰ কাষৰীয়া দেউছতালত  ভোগালী মেলা

Pc Northeast. Now

দীপৰ বিলৰ কাষৰীয়া দেউছতালত  ভোগালী মেলা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ আগন্তক মাঘ তথা ভোগালী বিহুৰ লগত সংগতি ৰাখি  অগ্ৰণী সামাজিক , সাংস্কৃতিক সংগঠন ‘ফাউণ্ডেশ্যন ফ’ৰ চচিয়েল এন্টাৰপ্ৰিনাৰশ্বিপ’ৰ উদ্যোগত  দীপৰ বিলৰ কাষৰীয়া দেউছতাল খেলপথাৰত ৩০ ডিচেম্বৰৰ পৰা ১২ জানুৱাৰীলৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে । বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ  জনজাতীয় আৰু থলুৱা খাদ্য সম্ভাৰ , পৰম্পৰাগত খাদ্য , থলুৱা  কৃষিজাত সামগ্ৰী সমূহক প্ৰচাৰ আৰু  প্ৰসাৰ কৰা , মহিলা আত্মসহায়ক গোট সমূহৰ উৎপাদিত সামগ্ৰী সমূহৰ বিক্ৰী আৰু প্ৰদৰ্শনীৰ লক্ষ্যৰে এই ভোগালী মেলাৰ আয়োজন কৰা হৈছে । উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে এই বিষয়ে কিবা জানিব বিচাৰিলে ৯৮৬৪০৮৩৯৯৫ বা ৯৮৬৪৮৭৪২৫২ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব । উল্লেখযোগ্য যে ভোগালী মেলালৈ অহা লোকসকলে ওচৰতে থকা দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে মেলাৰ থলুৱা খাদ্য সম্ভাৰৰ জুতি লব পাৰিব।