মেজিক-ট্ৰেকাৰে বেআইনীভাৱে ভাড়া সংগ্ৰহৰ বিৰুদ্ধে এ কে দেৱ পথত পথ অৱৰোধ

মেজিক-ট্ৰেকাৰে বেআইনীভাৱে ভাড়া সংগ্ৰহৰ বিৰুদ্ধে এ কে দেৱ পথত পথ অৱৰোধ

ৰঙিলী বাৰ্ত্তাসেৱা-  লখৰাৰ পৰা ভৰলুমুখলৈ চলাচল  কৰা আৰু গুৱাহাটীৰ অন্যান্য অঞ্চলৰ মেজিক আৰু ট্ৰেকাৰ সমূহে বেআইনীভাৱে ভাড়া সংগ্ৰহ কৰাৰ বিৰুদ্ধে  প্ৰাগজ্যোতিষ মহাবিদ্যালয়, কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয় আৰু আৰ জি বৰুৱা মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সন্মিলিতভাৱে এ কে দেৱ পথ ,ফটাশিলৰ আৰ জি বৰুৱা মহাবিদ্যালয়ৰ গেটৰ সমীপত পথ অৱৰোধ কাৰ্যসূচী পালন কৰে। অতি শীঘ্ৰে বেআইনীভাৱে ট্ৰেকাৰ আৰু মেজিকৰ ভাড়া লোৱা বন্ধ কৰক, বৰ্তমানে নিৰ্ধাৰিত ভাড়াতকৈ বেছি লোৱা নচলিব, অন্যায়ভাৱে কেনেকৈ ভাড়া সংগ্ৰহ কৰি আছে প্ৰশাসন উত্তৰ দিয়া, আমাৰ দাবী মানি লওঁক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। শেষত প্ৰতিবাদ স্থলীত ফটাশিল আৰক্ষী চকীৰ জ্যেষ্ঠ বিষয়া উপস্থিত হয় আৰু বৃহত্তৰ দক্ষিণ পশ্চিম গুৱাহাটীৰ ছাত্ৰ সমাজৰ পক্ষৰ পৰা তেওঁৰ যোগেদি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।স্মাৰক পত্ৰত উল্লেখ কৰে যে কৰ’না সৃষ্ট পৰিস্থিতিত সাধাৰণ ৰাইজৰ  অৰ্থনৈতিক অৱস্থা এক ভয়াবহ সংকটৰ সন্মুখীন হৈছে। এনে সময়তেই গুৱাহাটী মহানগৰত চলি থকা চিটি বাছ,ট্ৰেকাৰ আৰু মেজিকৰ অন্যায় আৰু অযৌক্তিক ভাড়া বৃদ্ধিয়ে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ পৰিয়ালক কোঙা কৰি পেলাইছে ,যাৰ ফলত  ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ ক্ষোভ বিক্ষোভত ফাটি পৰিছে। বিভাগৰ পৰা কোনো চিটি বাছ, ট্ৰেকাৰ আৰু মেজিকে বেছি ভাড়া সংগ্ৰহ কৰিব নোৱাৰিব বুলি জাননী দিলেও সকলো নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ইচ্ছা মতে টকা সংগ্ৰহ কৰি আছে। গড়চুকৰ পৰা ভৰলুমুখ লৈ চলাচল কৰা যাত্ৰীবাহী যানবাহন সমূহে বেআইনীভাৱে ভাড়া সংগ্ৰহ কৰি আছে। লগতে বিভাগৰ পৰা যি লিখিত অভিযোগ দাখিলৰ মোবাইল নম্বৰ দিছে সিয়ো বিকল। আমি দৃঢ়তাৰে বিশ্বাস কৰো এনে গাফিলতিৰ বাবে প্ৰশাসন বিভাগ সম্পূৰ্ণ দায়ী।  লগতে এই অঞ্চলত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে চৰকাৰী চিটি বাছ দিয়াৰ বাবেও দাবী জনোৱা হয়। শেষত প্ৰশাসনৰ পৰা ব্যৱস্থা লোৱা হ’ব বুলি কথা দিয়ে। লগতে এই দাবী যদি মানি নলয় অহা দিনত কামৰূপ মহানগৰ জিলাৰ ডি টি অ’ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি উপস্থিত ছাত্ৰ সমাজ প্ৰতিজ্ঞাবদ্ধ হয়।