খিলঞ্জীয়া জনসাধাৰণে প্রত্যাখান কৰা ভূপেন বৰা নেতৃত্বাধীন কংগ্ৰেছৰ নাই কোনাে মস্তিস্ক

খিলঞ্জীয়া জনসাধাৰণে প্রত্যাখান কৰা ভূপেন বৰা নেতৃত্বাধীন কংগ্ৰেছৰ নাই কোনাে মস্তিস্ক

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰীয়ে মৃত্যুদণ্ড দিবলৈ আৰম্ভ কৰিছে বুলি প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে তথ্য সহকাৰে বিষয়টো প্রমাণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে। বিজেপি অসম প্রদেশৰ মুখ্য কার্যালয় “অটল বিহাৰী বাজপেয়ী” ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে মস্তিস্ক থকা কোনাে লােকে এনেধৰণৰ মন্তব্য কেতিয়াও কৰিব নােৱাৰে। কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু তেওঁৰ নেতৃত্ব দিয়া প্রদশে কংগ্ৰেছৰ বর্তমান সময়ত কোনাে মস্তিস্কই নাই।সেয়ে দলটোৰ স্বয়ং সভাপতিয়ে নিজে অসংবিধানিক আৰু আইন বিৰুদ্ধ কথা ৰাজহুৱাভাৱে প্রলাপ কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখযােগ্য যে আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত প্রদেশ কংগ্ৰেছে মস্তিস্ক মন্থন’কার্যসূচী আয়ােজন কৰিছে।কিন্তু মস্তিস্ক নথকা ভূপেন বৰা আৰু তেওঁৰ কংগ্ৰেছ দলে কাৰ মস্তিস্কৰ মন্থন কৰিব সেয়া সকলােৰে বাবে এক নুবুজা সাঁথৰ হৈ থাকিব বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্রই মন্তব্য কৰে। মােৰ জন্মতকৈ ১৫ বছৰৰ পিছত গঠন হােৱা ভাৰতীয় জনতা পার্টি পৰা মই একো নিশিকো বুলি দম্ভালি মৰা কংগ্ৰেছৰ সভাপতিজনে তেওঁৰ জন্মৰ ৩৭ বছৰ পিছত গঠন হােৱা আজমলৰ এ আই ইউ ডি এফৰ বােকোচাত কিয় উঠিছিল তাৰ উত্তৰ সাহসেৰে দিবলৈ বিজেপি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই প্রদেশ কংগ্ৰেছৰ সভাপতিলৈ প্ৰত্যাহ্বান জনায়। এ আই ইউ ডি এফৰ দৰে দলৰ সৈতে মিত্রতা স্থাপন কৰি কংগ্ৰেছ দলে ৰাইজৰ সন্মুখত কি আদর্শ তুলি ধৰিছিল সেই কথা দলটোৰ প্রদেশ সভাপতিয়ে ক’বলৈ এতিয়াও সাহস কৰা নাই। ভূপেন বৰাই প্রলাপ কৰাতকে এনেবােৰ ৰাজনৈতিক প্রশ্নৰ উত্তৰ দিবলৈ সাহস কৰা উচিত বুলি বিজেপিৰ মুখপাত্ৰজনে কয়। বর্তমান সময়ত অসমৰ খিলঞ্জীয়া জনসাধাৰণে কংগ্ৰেছ দলক প্রত্যাখান কৰিছে বুলি উল্লেখ কৰি বিজেপিৰ মুখপাত্ৰজনে কয় যে অসমৰ কোনাে এখন খিলঞ্জীয়া অঞ্চলতে কংগ্ৰেছৰ কোনাে অস্তিত্বই নাই।সেয়ে কংগ্ৰেছ দলে খিলঞ্জীয়া জনসাধাৰণৰ মাজত ভয় আৰু শংকাৰ বাতাবৰণ তৈয়াৰ কৰি বিভাজনৰ ৰাজনীতি আৰম্ভ কৰা বুলি বিজেপিৰ মুখপাত্রজনে অভিযােগ কৰে।