চৰকাৰে যোৱা ৩ বিত্তীয় বৰ্ষত পেট্ৰ’ল, ডিজেলৰ ওপৰত কৰৰ পৰা 8 লাখ কোটি উপাৰ্জন কৰিছিল: বিত্ত মন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদক জনোৱা অনুযায়ী কেন্দ্ৰই যোৱা তিনি টা বিত্তীয় বৰ্ষত পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কৰৰ পৰা প্ৰায় ৮.০২ লাখ কোটি টকা উপাৰ্জন কৰিছে। মুঠ ৩.৭১ লাখ কোটিৰো অধিক ২০২০-২১ বৰ্ষত সংগ্ৰহ কৰা হৈছিল বুলি তেওঁ কয়। পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক ৫ অক্টোবৰ, ২০১৮ তাৰিখলৈ ১৯.৪৮/লিটাৰৰ পৰা ৪ নৱেম্বৰ, 2021 তাৰিখলৈ ২৭.৯০/লিটাৰলৈ বৃদ্ধি হৈছে, তেওঁ কয়।
