অসম অলিম্পিক সন্থাৰ তিনিমহীয়া বাৰ্তা আলোচনী স্পৰ্টছজ্যোতিষপুৰৰ তৃতীয় সংস্কৰণ উন্মোচন

অসম অলিম্পিক সন্থাৰ তিনিমহীয়া বাৰ্তা আলোচনী স্পৰ্টছজ্যোতিষপুৰৰ তৃতীয় সংস্কৰণ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম অলিম্পিক সন্থাৰ তিনিমহীয়া বাৰ্তা আলোচনী স্পৰ্টছজ্যোতিষপুৰৰ তৃতীয় সংস্কৰণ দেওবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত উন্মোচন কৰা হয়। বাৰ্তা আলোচনীখন উন্মোচন কৰে অসম চৰকাৰৰ মহাধিবক্তা তথা অসম ক্রিকেট সন্থাৰ সম্পাদক দেবজিত শইকীয়াই। অসম অলিম্পিক সন্থাৰ মিডিয়া কমিটীৰ অধ্যক্ষ ৰাজীৱ প্ৰকাশ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা স্পৰ্টছজ্যোতিষপুৰৰ উন্মোচনী অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, লোকসভাৰ সাংসদ পল্লব লোচন দাস, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ৰিতুবৰণ শৰ্মা, কল্যাণ গগৈ, বিষ্ণুৰাম নুনিছা, প্ৰণয় বৰদলৈ জেহিৰুল হকৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত থাকে।