আপ সোনকালেই বিজেপিৰ ক্লোন হৈ পৰিব: চিদাম্বৰম

PC tribune india

আপ সোনকালেই বিজেপিৰ ক্লোন হৈ পৰিব: চিদাম্বৰম

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী তীৰ্থ যাত্ৰা যোজনাৰ অধীনত ১,০০০ জ্যেষ্ঠ নাগৰিকক অযোধ্যালৈ লৈ যোৱা এখন ৰে’লৰ শুভাৰম্ভ কৰাৰ এদিন পিছতে কংগ্ৰেছ নেতা পি চিদাম্বৰমে টুইট কৰে, “সোনকালেই আপ বিজেপিৰ ক্লোন হৈ পৰিব।” “অনুকৰণ হৈছে তোষামোদৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাৰ। আপে যিমানে বিজেপিক অনুকৰণ কৰিব, সিমানেই কম প্ৰাসংগিক হ’ব,” তেওঁ লিখিছিল।