জঁতুৱাৰ ছন্দ…
অহুকাণে-পহুকাণে শুনিলোঁ তোৰ এটি কথা
চুচুক্-চামাককৈ লুকাইছা তুমি মোৰপৰা।
আলেঙে আলেঙে আলেখ -লেখ চাই
তুমি পেটকুলি বুলি জানিলোঁ মই।
পানীৰ মিঠে কিয় তুমি হ’লা
আকাশত চাং পাতিবলৈ দি তুমি ৰং চালা।
পানীৰ তলৰ কাঁইট তই..দূৰত থাকিম মই
অজাত-শত্ৰুৰ লগত সম্পৰ্ক নাৰাখো মই।
এতিয়া বুজি পালোঁ অতি ভক্তি চোৰৰ লক্ষণ
উপকাৰীক অজগৰে খাই..আজিৰপৰা মনত ৰাখিম।
তুমি সাপ হৈ খোটা বেজ হৈ জাৰা
বগলী ভকত হৈ তুমি ঘূৰি ফুঁৰা।
নন্দেশ্বৰ মিলি