আবেলি সনা খোপাৰ গোন্ধটি….- নন্দেশ্বৰ মিলি

Pc- The Janambhumi

আবেলি সনা খোপাৰ গোন্ধটি….

এছাটি বতাহে
আনিছে কঢ়িয়াই
এটি আবেলি সনা
খোপাৰ গোন্ধ।
ঘূৰি চাওঁতে
মোৰ দুচকুত
ভাঁহি আহিল
পথাৰৰ সোঁমাজত
ঐছেং বুটলি আছে
হেঁপাহৰ সোণগুটি।
আবেলি সনা
এই গোন্ধটি কাৰ?
সোণগুটিৰ নে
ঐছেঙৰ?
নন্দেশ্বৰ মিলি