মহামাৰী আৰম্ভ হোৱাৰ পিছত জাৰ্মানীৰ দৈনিক কোভিড কেচবোৰে প্ৰথমবাৰৰ বাবে ৬৫ হাজাৰ অতিক্ৰম কৰে

Pc BBC

মহামাৰী আৰম্ভ হোৱাৰ পিছত জাৰ্মানীৰ দৈনিক কোভিড কেচবোৰে প্ৰথমবাৰৰ বাবে ৬৫ হাজাৰ অতিক্ৰম কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  জাৰ্মানীয়ে যোৱা 24 ঘণ্টাত ৬৫,০০০ ৰো অধিক নতুন কোভিড-১৯ ৰোগীৰ প্ৰতিবেদন দিছে। মহামাৰী আৰম্ভ হোৱাৰ পিছত জাৰ্মানীত প্ৰথমবাৰৰ বাবে কোভিড-১৯ ৰোগীৰ সংখ্যা এদিনতে ৬০,০০০ তকৈ ওপৰলৈ বৃদ্ধি হৈছে। ইফালে, জাৰ্মানীৰ ৰোগ নিয়ন্ত্ৰণ সংস্থা ৰবাৰ্ট কোচ ইনষ্টিটিউটৰ সভাপতি লোথাৰ ৱিলাৰে কয়, “আমি এই মুহূৰ্তত এক গুৰুতৰ জৰুৰীকালীন অৱস্থালৈ গৈ আছো। যদি আমি এতিয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰোঁ তেন্তে আমাৰ সঁচাকৈয়ে বৰদিন অতি বেয়া হ’ব”।