টি ২০ বিশ্বকাপত সৰ্বাধিক ৰান আৰু সর্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন পাকিস্তানৰ বাবৰ আজম আৰু শ্ৰীলংকাৰ বানিণ্ডু হাছাৰাংগাৰ

Pc- Insidesports

টি ২০ বিশ্বকাপত সৰ্বাধিক ৰান আৰু সর্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন পাকিস্তানৰ বাবৰ আজম আৰু শ্ৰীলংকাৰ বানিণ্ডু হাছাৰাংগাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ বাবৰ আজম আৰু শ্ৰীলংকাৰ বানিণ্ডু হাছাৰাংগাই টি ২০ বিশ্বকাপত সৰ্বাধিক ৰান আৰু সর্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিলে। পাক দলটোৰ অধিনায়ক বাবৰে ৬খন মেচত মুঠ ৩০৩ ৰান কৰি সৰ্বাধিক ৰান কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰে আৰু অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰে ৭খন মেচত ২৮৯ ৰান কৰি দ্বিতীয় আৰু পাকিস্তানৰ মহম্মদ ৰিজৱানে ৬খন মেচত ২৮১ ৰান কৰি তৃতীয় স্থানত থাকে। শ্রীলংকাৰ হাছাৰাংগাই সর্বাধিক উইকেট দখল কৰাৰ গৌৰৱ অৰ্জন কৰে। পেচ বলাৰগৰাকীয়ে মঠ ১৬টা উইকেট লাভ কৰে। ১৩টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ আডাম জাম্পা আৰু নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্টে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানটো অধিকাৰ কৰে।