ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমতো ৰাষ্ট্ৰীয় নৱজাত সপ্তাহ পালন

Pc-GK Today

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমতো ৰাষ্ট্ৰীয় নৱজাত সপ্তাহ পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় নৱজাত সপ্তাহ পালন কৰা হৈছে। নৱজাতকৰ স্বাস্থ্যক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে উপস্থাপন তথা নৱজাতকৰ স্বাস্থ্যৰ প্ৰতি দায়ৱদ্ধতা সুদৃঢ় কৰিবলৈ প্ৰতি বছৰে দেশত ১৫ ৰ পৰা ২১ নৱেম্বৰলৈ ৰাষ্ট্ৰীয় নৱজাতক সপ্তাহ পালন কৰা হয়। এই বছৰৰ ৰাষ্ট্ৰীয় নৱজাতক সপ্তাহৰ বিষয়বস্তু হৈছে – ঘৰ, স্বাস্থ্য কেন্দ্ৰ আৰু সামুহিক পৰ্যায়ত প্ৰতিটো নৱজাতকক উন্নত মানৰ স্বাস্থ্য সেৱা প্ৰদান কৰাতো নিশ্চিত কৰা। নবজাতক সপ্তাহ পালনৰ জৰিয়তে স্বাস্থ্য সেৱা খণ্ড আৰু জনসাধাৰণৰ মাজত সুসম্পর্ক স্থাপন কৰাৰ লগতে শিশুক উপযুক্ত প্রতিপালন কৰাৰ প্ৰতি স্বাস্থ্যকর্মী তথা সমাজৰ সকলো লোককে সজাগ কৰাৰ প্ৰয়াস কৰি অহা হৈছে।